নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইচিচিৰ অধ্যক্ষ পদত জয় শ্বাহ!

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ আগষ্টঃ বিচিচিআইৰ সচিব জয় শ্বাহক আন্তর্জাতিক ক্রিকেট পৰিষদৰ (আই চি চি) অধ্যক্ষৰ পদত নিযুক্তি দিয়াৰ পূর্ণ সম্ভাৱনা দেখা গৈছে৷ আইচিচিৰ বর্তমানৰ অধ্যক্ষ গ্রেগ বার্কলেই ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে পৰিচালনা সমিতি আৰু ইয়াৰ মুখ্য সম্প্রচাৰ অধিকাৰী ষ্টাৰ অষ্ট্রেলিয়াৰ মাজত হোৱা বিবাদৰ মাজতে তেওঁৰ পদত্যাগৰ কথা ঘোষণা কৰে৷ সেয়ে বার্কলেৰ স্থানত জয় শ্বাহে নিযুক্তি লাভ কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ আই চি চিৰ এজন মুখপাত্রই সংবাদ প্রতিষ্ঠান দ্য এজক কয়, ‘আইচিচিৰ অধ্যক্ষ গ্রেগ বার্কলেই ব’ডক নিশ্চিত কৰিছে যে তেওঁ তৃতীয় কার্যকালৰ বাবে দায়িত্ব গ্রহণ কৰিব নোৱাৰিব আৰু নৱেম্বৰৰ শেষত তেওঁৰ বর্তমানৰ কার্যকাল শেষ হ’লে পদত্যাগ কৰিব৷’ ২০২০ চনৰ নৱেম্বৰত বার্কলেক স্বতন্ত্র আইচিচিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়৷ তাৰ পিছত তেওঁ একেটা পদতে পুনৰ নির্বাচিত হয় ২০২২ চনত৷ ‘বর্তমানৰ সঞ্চালকসকলে অহা ২৭ আগষ্টৰ ভিতৰত পৰৱর্তী অধ্যক্ষৰ বাবে মনোনয়ন দাখিল কৰিব লাগিব আৰু যদি একাধিক প্রার্থী থাকে, তেন্তে নির্বাচন অনুষ্ঠিত হ’ব আৰু নতুন অধ্যক্ষৰ কার্যকাল ১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব৷’ আইচিচিৰ বিষয়াই এনেদৰে কয়৷

You might also like