নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শচীনৰ বেটেৰে শতক অর্জন কৰিছিল আফ্রিদীয়ে

নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ   ১৯৯৬ৰ ছাহাৰা কাপত বিস্ফোৰক শতকেৰে উজলি উঠিছিল পাকিস্তানৰ তেতিয়াৰ যুৱ ক্রিকেটাৰ শ্বাহিদ আফ্রিদী৷ মাত্র ১৮ বছৰ বয়সতে তেওঁ আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ সবাতোকৈ দ্রুততম শতকীয় ইনিংছটো খেলি বিশ্ববাসীক চমকিত কৰিছিল৷ নাইৰোবিত অনুষ্ঠিত মেচখনত আফ্রিদীয়ে মাত্র ৩৭টা বলৰ সন্মুখীন হৈ শতৰান সম্পূর্ণ কৰিবলৈ সক্ষম হৈছিল৷ ক্রিকেট ইতিহাসৰ অন্যতম শ্রেষ্ঠ এই ইনিংছটো আফ্রিদীয়ে খেলিছিল ভাৰতৰ কিংবদন্তি বেটছমেন শচীন তেণ্ডুলকাৰৰ বেটেৰে৷ এই কথা  প্রকাশ কৰিছে আফ্রিদীৰ একালৰ দলীয় সতীর্থ আজহাৰ মাহমুদে৷ এক অনুষ্ঠানত তেওঁ কয় যে ১৯৯৬ত আফ্রিদীয়ে পাকিস্তান এ দলৰ হৈ ৱেষ্ট ইণ্ডিজ ভ্রমণ কৰিছিল৷ কিন্তু ছাহাৰা কাপত খেলি থকা পাকিস্তান দলৰ এগৰাকী জ্যেষ্ঠ খেলুৱৈৰ আঘাত হোৱাত আফ্রিদীয়ে ছিনিয়ৰ দললৈ হঠাতে আমন্ত্রণ লাভ কৰিছিল৷ প্রথমখন মেচত তেওঁ বিশেষ সফল হোৱা নাছিল যদিও দ্বিতীয়খন মেচত মাত্র ৩৭টা বলত শতক অর্জন কৰি ইতিহাস ৰচিছিল৷ উক্ত মেচখনত তেওঁ ব্যৱহাৰ কৰিছিল সতীর্থ ৱাকাৰ ইউনিছে উপহাৰ দিয়া এখন বেট৷ এই বেটখন আকৌ ইউনিছক উপহাৰ হিচাপে আগবঢ়াইছিল ভাৰতৰ শচীন তেণ্ডুলকাৰে৷

You might also like