নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব’ৰ্ডৰ ক’ভিড টাস্ক ফ’ৰ্চত ৰাহুল দ্রাবিড়

নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ   ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে গঠন কৰা ক’ভিড–১৯ টাস্ক ফ’ৰ্চত   দেশৰ একালৰ ষ্টাইলিছ বেটছমেন ৰাহুল দ্রাবিড়ক অন্তর্ভুক্ত কৰা হৈছে৷ ঘৰুৱা ছিজনৰ পূর্বে আৰম্ভ হ’বলগীয়া প্রস্তুতি শিবিৰৰ বাবে ৰাজ্যিক ক্রিকেট সন্থাসমূহলৈ ব’র্ডে প্রেৰণ কৰা ১০০ পৃষ্ঠাৰ এছ অ’ পি পর্যবেক্ষণ কৰিব এই টাস্ক ফ’র্চে৷ উল্লেখ্য যে মহামাৰী ক’ভিড–১৯ৰ ভয়াৱহ প্রাদুর্ভাৱৰ পিছত আৰম্ভ হ’বলগীয়া ঘৰুৱা ছিজনৰ পূর্বে খেলুৱৈৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰিবলৈ বি চি চি আয়ে কিছুমান নীতি–নির্দেশনা (এছ অ’ পি) জাৰি কৰিছে৷ এই নির্দেশনা অনুসৰি প্রতিগৰাকী খেলুৱৈয়ে প্রস্তুতি শিবিৰৰ পূর্বে এক সন্মতি পত্রত স্বাক্ষৰ কৰিব লাগিব৷ ৰাজ্যিক ক্রিকেট সন্থালৈ প্রেৰণ কৰা ব’ৰ্ডৰ ১০০ পৃষ্ঠাজোৰা এছ অ’ পিত এই কথাও উল্লেখ আছে যে ৬০ বছৰৰ ঊর্ধ্বৰ কোনো ছাপ’ট ষ্টাফ, বিষয়ববীয়া অথবা গ্রাউণ্ড ষ্টাফে প্রস্তুতি শিবিৰত অংশ ল’ব নোৱাৰিব৷ ইয়াৰ ফলত ৰঞ্জি ট্রফীৰ প্রশিক্ষক তথা বিষয়ববীয়া হিচাপে নিযুক্ত ৬০ বছৰ ঊর্ধ্বৰ কোনো ব্যক্তিক আগন্তুক ঘৰুৱা ক্রিকেট ছিজনত দেখিবলৈ পোৱা নাযাব৷ যোৱানিশা অনুষ্ঠিত ব’ডৰ গৱর্নিং কাউন্সিলৰ বৈঠকত খেলুৱৈৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰিবলৈ এই এছ অ’ পি প্রস্তুত কৰা হয়৷

You might also like