ক্রিকেটত নিষিদ্ধ হোৱাৰ দিশে ছাকিব আল হাছান
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ আগষ্টঃ ক্রিকেট জগতক চিৰবিদায় জনাবলগীয়া হ’ব পাৰে বাংলাদেশৰ ক্রিকেট দলৰ তাৰকা অলৰাউণ্ডাৰ ছাকিব আল হাছানে৷ খেলপথাৰত বহু সময়ত হাছানৰ উগ্র আচৰণ প্রত্যক্ষ কৰিছে সকলোৱে৷ তেওঁ অলপতে পাকিস্তানৰ উহকেটকীপাৰ বেটছমেন মহম্মদ ৰিজৱানক লক্ষ্য কৰি এটা বল মাৰি পঠিয়াহছিল, য’ত খেলুৱৈগৰাকীৰ খং আৰু বিৰক্তি ভাব পৰিস্ফুট হৈ পৰিছে৷ জানিব পৰা মতে, ছাকিবৰ বিৰুদ্ধে জাৰি কৰা হৈছে এখন আইনী জাননী৷ ক্রিকেটাৰগৰাকীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত এই জাননী প্রেৰণ কৰা হৈছে বাংলাদেশ ক্রিকেট ব’ৰ্ডলৈ৷ আচৰণত উগ্র বুলি জনাজাত ক্রিকেটাৰ ছাকিব আল হাছানৰ বিৰুদ্ধে উত্থাপিত হৈছে হত্যাৰ অভিযোগ৷ বাংলাদেশত অব্যাহত থকা প্রতিবাদ আৰু হিংসাৰ সময়তে এগৰাকী যুৱকক হত্যা কৰাৰ ক্ষেত্রত ক্রিকেটাৰগৰাকীৰ হাত থকা বুলি ভুক্তভোগীৰ পিতৃয়ে দাখিল কৰিছিল এজাহাৰ৷ সম্প্রতি ভুক্তভোগীৰ পিতৃয়ে অধিবক্তাৰ সহায়ত বাংলাদেশ ক্রিকেট ব’ডলৈ প্রেৰণ কৰিছে এক আইনী জাননী৷ এই জাননীৰ জৰিয়তে অধিবক্তাসকলে সকলো ধৰণৰ ক্রিকেটৰ পৰা ছাকিবক আঁতৰত ৰখাৰ বাবে দাবী উত্থাপন কৰিছে৷ উল্লেখ্য যে ছাকিব শ্বেখ হাছিনা চৰকাৰৰ এজন মন্ত্রীৰ পদতো ন্যস্ত আছিল৷ তেওঁ বর্তমান বাংলাদেশৰ হৈ পাকিস্তানত অনুষ্ঠিত দুখন মেচৰ টেষ্ট শৃংখলাত অংশগ্রহণ কৰি আছে৷