অষ্ট্রেলিয়াৰ সোণালী যুগত শ্বেন ৱার্ন…
অষ্ট্রেলিয়াৰ সোণালী যুগত শ্বেন ৱার্ন…
সাক্ষৰ জ্যোতি মহন্ত
সময়ে সময়ে প্রতিটো প্রজন্মই ক্রিকেটৰ পথাৰখনত বহুকেইজন মহান খেলুৱৈ দেখিবলৈ পাইছে৷ ক্রিকেট সকলোৱেই খেলে, দেশক প্রতিনিধিত্ব বহু খেলুৱৈয়ে কৰে, কিন্তু সকলো খেলুৱৈ মহান তথাLegend হ’ব নোৱাৰে৷ বিশ্ব ক্রিকেটত এনে মহান খেলুৱৈ বহুকেইজন আছে যদিও তাৰ মাজতো একাংশ মহান খেলুৱৈয়ে নিজৰ এক সুকীয়া পৰিচয় ৰাখি গৈছে৷ এজন মহান খেলুৱৈৰ সমসাময়িক বহুকেইজন মহান খেলুৱৈ থাকিলেও তেওঁলোকৰ মাজত নিজকে প্রতিষ্ঠা কৰাটো সহজ নহয়৷ আজি আমি তেনে এজন খেলুৱৈৰ অৱদান আৰু গুৰুত্বৰ কথা আলোচনা কৰিম, যিয়ে অষ্ট্রেলিয়া ক্রিকেটৰ সোণালী যুগত বিশ্ব ক্রিকেটত স্পীন বলিঙেৰে সন্ত্রাসৰ সৃষ্টি কৰিছিল৷ সেইজন মহান খেলুৱৈ হৈছে শ্বেন ৱার্ন৷ ১,০০১টা উইকেটেৰে বিশ্বৰ অন্যতম মহান ক্রিকেটাৰৰ খিতাপ পোৱা শ্বেন ৱার্নৰ ভূমিকা অষ্ট্রেলিয়া দলৰ সোণালী যুগত অতি গুৰুত্বপূর্ণ৷
শ্বেন ৱার্নে যিটো সময়ত অষ্ট্রেলিয়া দলটোক প্রতিনিধিত্ব কৰিছিল, সেইটো সময়ত অষ্ট্রেলিয়া দলৰ মূল একাদশৰ সকলো খেলুৱৈয়ে বিশ্ব ক্রিকেটৰ মহান খেলুৱৈ আছিল৷ একেৰাহে তিনিটাকৈ বিশ্বকাপ জয় কৰা, ধাৰাবাহিকভাৱে সর্বাধিক টেষ্ট জয় কৰা অষ্ট্রেলিয়া দলৰ মুখ্য খেলুৱৈ আছিল শ্বেন ৱার্ন৷ ১৯৯২ চনত ভাৰতীয় দলটো টেষ্ট ছিৰিজ খেলিবলৈ অষ্ট্রেলিয়ালৈ গৈছিল৷ সেইসময়ত অষ্ট্রেলিয়া দলৰ মুখ্য স্পীন বলাৰ আছিল পিটাৰ ড্রেলৰ৷ কিন্তু প্রথম দুখন টেষ্টত ড্রেলাৰে বিশেষ সফলতা নোপোৱাত তৃতীয় টেষ্টত ৱার্নে খেলিবলৈ সুযোগ পালে আৰু ১৯৯২ চনৰ ২ জানুৱাৰীত ৱার্নৰ ভাৰতৰ বিপক্ষে আন্তৰাষ্ট্রীয় ক্রিকেটত অভিষেক ঘটে৷ এয়াই আৰম্ভণি আছিল৷ অৱশ্যে প্রথমখন খেলত তেওঁ বিশেষ সফলতা নাপালে আৰু মাত্র এটা উইকেটতে সন্তুষ্ট থাকিব লগা হ’ল৷ সেই বর্ষতে ৱেষ্ট ইণ্ডিজৰ বিপক্ষে দ্বিতীয় টেষ্টত ৮টা উইকেট লৈ আন্তঃৰাষ্ট্রীয় ক্রিকেটত নিজৰ উপস্থিতি জাহিৰ কৰিলে৷ ১৯৯৩ চনত ৱার্নৰ ৱেষ্ট ইণ্ডিজৰ বিপক্ষে এদিনীয়া ক্রিকেটত অভিষেক ঘটে৷ এই বছৰতে ৱার্নক এছেজ ছিৰিজৰ বাবে বাছনি কৰা হয়৷ এইটো ছিৰিজত ৱার্নে কৰা প্রদর্শনে ৱার্নক এজন তাৰকা হিচাপে প্রতিষ্ঠা কৰে আৰু অষ্ট্রেলিয়া দলৰ ৪–১ত শৃংখলা জয়ত মুখ্য ভূমিকা গ্রহণ কৰে৷ এই শৃংখলাৰ প্রথম টেষ্টত ৱার্নে ইংলিছ বেট্ছমেন মাইক গেটিঙক যি ধৰণে আউট কৰে, সেই বলটোৱে আজিও ক্রিকেটপ্রেমীক আচৰিত কৰে৷ ৯০ ডিগ্রী কোণত বল লেগৰ পৰা গৈ যেনেকৈ গেটিঙৰ খুঁটিত লাগে সেয়া আছিল অবিশ্বাস্য৷ সেইবাবে এই বলটোক Ball of the Century’ বুলি কোৱা হয়৷ ৱার্নৰ সমসাময়িকভাৱে অষ্ট্রেলিয়া দলত ৰিকি পণ্টিং, মেথিউ হেইডেন, জাষ্টিন লেংগাৰ, মাইকেল বেভান, ব্রেটলী, গ্লেন মেকগ্রাথ, জেছন গিলেস্পীৰ দৰে খেলুৱৈৰ প্রৱেশ ঘটিছিল আৰু লগে লগে গঠন হৈছিল এনেকুৱা এটা ক্রিকেট টীম, যি আহিবলগীয়া দুটা দশক বিশ্ব ক্রিকেটক দমন কৰি ৰাখিব৷
আন্তঃৰাষ্ট্রীয় ক্রিকেটত অভিষেক ঘটা এবছৰৰ পিছতে, অর্থাৎ ১৯৯৩ চনত এটা কেলেণ্ডাৰ বর্ষত টেষ্ট ক্রিকেটত ৭২টা উইকেট লৈ উক্ত বছৰটোত সর্বাধিক উইকেট লোৱা স্পীন বলাৰত পৰিণত হয়৷ অষ্ট্রেলিয়া দলটোৰ প্রতিটো শৃংখলাতে জয়ী হোৱাত ৱার্নৰ ভূমিকা ইয়াৰ পৰাই অনুমান কৰিব পাৰি৷ ১৯৯৪ চনত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ছিডনী টেষ্টত প্রথমবাৰলৈ ১০টা উইকেট দখল কৰে৷ এই বর্ষৰে এছেজ ছিৰিজৰ প্রথমখন টেষ্টত গাব্বা খ্যাত ব্রিজবেন ক্রিকেট গ্রাউণ্ডত ইংলেণ্ডৰ দ্বিতীয় ইনিংছত আঠটা উইকেট লৈ অষ্ট্রেলিয়াক জয়ৰ সোৱাদ দিয়াৰ লগতে নিজৰ টেষ্ট কেৰিয়াৰত সর্বশ্রেষ্ঠ প্রদর্শন কৰে৷ এই বর্ষতে ক্রিকেটৰ বাইবেল খ্যাত‘Wisden’ মেগাজিনে ৱার্নক Wisden Cricketer of the Year’ খিতাপ প্রদান কৰে৷
১৯৯৬ চনৰ বিশ্বকাপৰ ছেমিফাইনেলত ৱার্নৰ সুন্দৰ প্রদর্শনৰ বাবেই ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ফাইনেলত প্রৱেশ কৰিছিল৷ ১৯৯৭ চনৰ এছেজ ছিৰিজৰ প্রথম দুখন টেষ্টত ৱার্নৰ প্রদর্শন আশাপ্রদ নাছিল বাবে ইংলেণ্ডে প্রথম দুখন টেষ্ট আগবাঢ়ি যায়৷ কিন্তু তৃতীয় টেষ্টৰ পৰা ৱার্নৰ স্পীনৰ যাদু পুনৰ চলিবলৈ ধৰাত ৩–২ ব্যৱধানত ইংলেণ্ডক পৰাস্ত কৰি এছেজ দখল কৰে৷ যিদৰে ৱার্নৰ কেৰিয়াৰ আগবাঢ়িল, সমানে অষ্ট্রেলিয়া ক্রিকেটৰ সোণালী যুগটোও আগবাঢ়িছিল৷ কেৰিয়াৰৰ প্রতিটো স্তৰতে ৱার্ন এজন ভয়ংকৰ স্পীন বলাৰ হৈ গৈ আছিল৷ ৱার্নৰ মুখামুখী হ’বলৈ বিশ্বমানৰ বেট্ছমেনৰো ভয় হৈছিল৷ ১৯৯৮ চনত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ছিডনী টেষ্টত ১১টা উইকেট দখল কৰি টেষ্ট কেৰিয়াৰৰ ৩০০টা উইকেট সম্পূর্ণ কৰে আৰু ডেনিছ লিলিৰ পিছত টেষ্টত ৩০০ উইকেট লোৱা দ্বিতীয়জন বলাৰত পৰিণত হয়৷
১৯৯৯ চনৰ বিশ্বকাপত অষ্ট্রেলিয়া দলত পণ্টিং, গ্রীলখীষ্ট, ষ্টিভ ৱ’, মার্ক ৱ’, মেকগ্রাথৰ দৰে খেলুৱৈ আছিল যদিও সকলোৰে দৃষ্টি শ্বেন ৱার্নৰ ওপৰতে আছিল৷ বিশ্বকাপৰ ছেমিফাইনেলত ৱার্নে দক্ষিণ আফ্রিকাৰ জেক কালিছ, হান্সি ক্রনিয়ে, গেৰী কাষ্টেন, গিব্ছৰ দৰে খেলুৱৈৰ উইকেট লৈ অষ্ট্রেলিয়াক ফাইনেলত উপনীত কৰায় আৰু ফাইনেলতো পাকিস্তান দলৰ বিৰুদ্ধে ৱার্নে সুন্দৰ প্রদর্শন কৰি অষ্ট্রেলিয়া দলৰ বিশ্বকাপ জয়ত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে৷ এই বিশ্বকাপত ৱার্নে মুঠ ২০টা উইকেট দখল কৰি টুর্ণামেণ্টত সর্বাধিক উইকেট লোৱা বলাৰত পৰিণত হয়৷ ইয়াৰ পৰা অষ্ট্রেলিয়া দলত ৱার্নৰ গুৰুত্ব বুজিব পাৰি৷
বিশ্বকাপ জয়ৰ পিছতো ৱার্নৰ সুন্দৰ প্রদর্শন অব্যাহত থাকে৷ ২০০২ চনতWisden Cricketer of the Centuryৰ শীর্ষ পাঁচজন খেলুৱৈৰ চতুর্থ স্থানত ৱার্নৰ নাম থাকে৷ ২০০১ চনৰ অষ্ট্রেলিয়া দলৰ ভাৰত ভ্রমণৰ সেই ঐতিহাসিক টেষ্ট ছিৰিজৰ কথা সকলোৱে জানে৷ এইটো ছিৰিজত অষ্ট্রেলিয়া দলৰ প্রদর্শন ভাল নাছিল আৰু লগতে ৱার্নেও আশা কৰা ধৰণে প্রদর্শন কৰিব নোৱাৰিলে৷ কিন্তু সেইবর্ষৰে এছেজ ছিৰিজত সুন্দৰ প্রদর্শনেৰে মুঠ ৩১টা উইকেট দখল কৰি অষ্ট্রেলিয়াক পুনৰ এছেজ দখল কৰাত গুৰুত্বপূর্ণ ভূমিকা লয়৷ ৱার্নৰ এনে প্রদর্শনে কেৱল নিজৰ কেৰিয়াৰকেই নহয়, অষ্ট্রেলিয়া দলকো শীর্ষস্থানত উপনীত কৰায়৷
এনেদৰে ৱার্নে ২০০৪ চনৰ ১২ মার্চত শ্রীলংকাৰ হাচান তিলকৰত্নেক আউট কৰি টেষ্টত ৫০০ উইকেট দখল কৰা বিশ্বৰ দ্বিতীয়জন খেলুৱৈত পৰিণত হয়৷ এনেদৰে শ্বেন ৱার্নে ৬০০টা উইকেট দখল কৰা প্রথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছিল৷ ২০০৬ চনত ৱার্ন বিশ্বৰ প্রথমগৰাকী খেলুৱৈত পৰিগণিত হয়, যি টেষ্ট ক্রিকেটত ৭০০ উইকেট নিজৰ নামত কৰিবলৈ সক্ষম হয়৷ এনেদৰে ৱার্নে কেৰিয়াৰত যি সফলতা পায় বা যি শীর্ষ পর্যায়ত উপনীত হয়, এই সময়ছোৱাতে ক্রিকেট অষ্টেলিয়াৰো সোণালী যুগ চলি আছিল৷ ক্রিকেট অষ্ট্রেলিয়াই ধাৰাবাহিকভাৱে তিনিটাকৈ বিশ্বকাপ জয় কৰা, ৭ বাৰ এছেজ ছিৰিজ জয় কৰা, ধাৰাবাহিকভাৱে সর্বাধিক টেষ্ট জয় কৰা আদি সকলো অভিলেখতে ৱার্ন অষ্ট্রেলিয়া দলৰ এজন মুখ্য খেলুৱৈ আছিল৷ ৱার্নৰ অবিহনে অষ্ট্রেলিয়াই কোনোদিনে এনে সফলতা অর্জন কৰিব নোৱাৰে৷
ফোনঃ ৭০০২৩–৩৬৫১৩