নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃৰাষ্ট্রীয় ক্রিকেটত বিশ্বাভিলেখ জিব্রাল্টাৰৰ শ্বেলি বার্টনৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ মে’ : বিশ্ব ক্রিকেটত এক নজিৰ গঢ়িলে জিব্রাল্টাৰৰ শ্বেলি বার্টনে৷ মহিলা উইকেটকীপাৰ–বেটাৰ ৬৬ বছৰ ৩৩৪ দিনত প্রথমখন আন্তঃৰাষ্ট্রীয় ক্রিকেট মেচ খেলি অভিলেখ ৰচে৷ ইষ্ট’নিয়াৰ বিৰুদ্ধে খেলা দ্বিতীয়খন টি-২০ মেচত জিব্রাল্টাৰক প্রতিনিধিত্ব কৰে শ্বেলি বার্টনে৷ বার্টনে আন্তঃৰাষ্ট্রীয় ক্রিকেট কেৰিয়াৰ আৰম্ভ কৰিছিল এনে বয়সত যেতিয়া বেছিভাগ লোকে নাতি-নাতিনীৰ সৈতে আজৰি সময় কটোৱাৰ কথা ভাবে৷ অৱশ্যে ৬৭ বছৰীয়া ক্রিকেটাৰগৰাকীয়ে নিজকে বুঢ়া বুলি নাভাবে৷ কোনোবাই বয়োজ্যেষ্ঠ বুলি ক’লেও আপত্তি নকৰে৷ বিশ্ব অভিলেখ গঢ়ি তোলাৰ পাছত বার্টনে কয় যে মোৰ অভিধানত ছিনিয়ৰ শব্দটো নাই৷ ৬০ বছৰ সম্পূর্ণ হোৱাৰ পিছত আন্তঃৰাষ্ট্রীয় ক্রিকেট খেলাৰ সুযোগ পাম বুলি মই কেতিয়াও ভবা নাছিলোঁ৷ কিন্তু মোৰ অভিষেকে প্রমাণ কৰিলে যে খেলৰ বাবে বয়স হেঙাৰ হ’ব নোৱাৰে৷ ক্রিকেটৰ পৰা কেতিয়া অৱসৰ ল’ব বুলি সোধা প্রশ্নত খঙত অগ্নিশর্মা হৈ বার্টনে ক’লে যে মই মাত্র আন্তঃৰাষ্ট্রীয় ক্রিকেট কেৰিয়াৰ আৰম্ভ কৰিছোঁ৷ মই যিমান পাৰোঁ খেলি যাম৷ ইয়াৰ পূর্বে পর্তুগালৰ আকবৰ ছৈয়দে বয়োজ্যেষ্ঠ হিচাপে আন্তঃৰাষ্ট্রীয় ক্রিকেটত অভিষেক ঘটোৱাৰ নজিৰ আছিল৷ ২০১২ চনত ফিনলেণ্ডৰ বিৰুদ্ধে ৬৬ বছৰ ১২ দিনত প্রথমখন টি-২০ মেচ খেলিছিল৷ জিব্রাল্টাৰ বার্টনে আকবৰৰ অভিলেখ ভংগ কৰে৷ বার্টন নিজৰ দলৰ দ্বিতীয় বর্ষীয়ান খেলুৱৈতকৈ ৩০ বছৰ ডাঙৰ৷ সেইটোত তেওঁৰ কোনো সমস্যা নাই৷ ৰাষ্ট্রীয় জার্ছী পিন্ধিবলৈ পাই বার্টন সুখী৷ তিনিটা নাতি-নাতিনীৰ আইতাকৰ লক্ষ্য ক্রিকেট খেলা৷

You might also like