নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ ২ কোটি টকীয়া ৱাটাৰ এটিএম বিকল

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ মে’ : সমগ্র ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো উৎকট গৰমত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ তৃষ্ণা নিবাৰণৰ বাবে মহানগৰবাসীয়ে এটুপি বিশুদ্ধ খোৱাপানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে৷ মহানগৰীৰ বিভিন্ন স্থানত ফুটিছে জাইকাৰ পানী পৰিবাহী পাইপ৷ আমবাৰী আৰু খাৰঘুলিত জাইকাৰ পানী পৰিবাহী পাইপ ফুটি হাজাৰ হাজাৰ লিটাৰ পানী অপচয় হয়৷ মহানগৰবাসীক সহজলভ্য বিশুদ্ধ খোৱাপানী যোগানৰ বাবে গুৱাহাটী স্মার্ট চিটী প্রকল্পৰ অধীনত স্থাপন কৰা হৈছিল ৱাটাৰ এটিএম৷ মহানগৰীৰ বিভিন্ন স্থানত স্থাপন কৰা ৱাটাৰ এটিএমসমূহ এতিয়া ফুলদানিত পৰিণত হৈছে৷ গুৱাহাটী মহানগৰবাসীৰ লগতে পথচাৰীক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে মহানগৰীৰ বিভিন্ন স্থানত ২০টাকৈ ৱাটাৰ এটিএম স্থাপন কৰা হৈছিল৷ সজল নামৰ কোম্পানীটোৱে স্থাপন কৰা ৱাটাৰ এটিএমকেইটা বিকল হৈ থকা পৰিলক্ষিত হৈছে৷ প্রায় ২ কোটি টকা ব্যয়ৰে স্মার্ট চিটী প্রকল্পৰ অধীনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, মহেন্দ্র মোহন চৌধুৰী হাস্পতাল, পাণবজাৰ ফুড ভীলা, ডাঃ বি বৰুৱা কর্কট প্রতিষ্ঠান, দিছপুৰ চক্র বিষয়াৰ কার্যালয়, খানাপাৰা আঞ্চলিক বিজ্ঞান কেন্দ্র, নেহৰু ষ্টেডিয়াম, অসম ৰাজ্যিক চিৰিয়াখানা, পাণবজাৰ নাকাটা পুখুৰী, চানমাৰি জি এম চি বজাৰ, মাছখোৱা পাৰঘাট, গড়চুক পাচলিবজাৰ, জে’ল ৰোড, ধাৰাপুৰ বজাৰত ৱাটাৰ এটিএম স্থাপন কৰিছিল৷ ৱাটাৰ এটিএমসমূহৰ পৰা ১ টকাত ২৫০ মিঃ লিটাৰ, ৫ টকাত ১ লিটাৰ, ১০ টকাত ৫ লিটাৰ আৰু ২৫ টকাত ২৫ লিটাৰ পানী ক্রয় কৰিব পাৰিছিল৷ কোটি কোটি টকাৰ ৰাজহুৱা ধন শৰাধ কৰি স্থাপন কৰা ৱাটাৰ এটিএমসমূহ মাত্র কেইটামান মাহ সক্রিয় হৈ আছিল৷ গুৱাহাটী পৌৰ নিগম, জিএমডিএ আৰু বিভাগীয় কর্তৃপক্ষৰ বিষয়া-কর্মচাৰীৰ দায়িত্বজ্ঞানহীনতাৰ বাবে ৱাটাৰ এটিএমসমূহ বিকল হৈ পৰিছে৷ বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ বাবেও ৱাটাৰ এটিএমসমূহৰ বিদ্যুৎ কর্তন কৰে৷ চমক সৃষ্টিৰ বাবে ৰাজহুৱা ধন শৰাধ কৰি স্থাপন কৰা ৱাটাৰ এটিএমসমূহ পুনৰ সক্রিয় কৰিবলৈ চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like