এছিয়ান বক্সিঙত শিৱ থাপাৰ ৰূপ জয়
নিয়মীয়া বাৰ্তা, ১ জুনঃ অসম সন্তান শিৱ থাপাই এছিয়ান বক্সিং চেম্পিয়নশ্বিপত পঞ্চমটো পদক জয়েৰে বিৰল অভিলেখ স্থাপন কৰিছে৷ এছিয়া মহাদেশৰ ঐতিহ্যমণ্ডিত প্রতিযোগিতাখনত পাঁচটাকৈ পদক জয় কৰা তেওঁ হ’ল বিশ্বৰ দ্বিতীয়গৰাকী বক্সাৰ৷
ডুবাইত সোমবাৰে সামৰণি পৰা প্রতিযোগিতাখনৰ ৬৪ কেজিৰ ফাইনেলত অলিম্পিয়ান শিৱই এছিয়ান গেমছৰ ৰূপৰ পদক বিজয়ী মংগোলীয়াৰ তাৰকা বাটাৰচুখ চিনজ’ৰিগৰ বিৰুদ্ধে তীব্র প্রতিদ্বন্দ্বিতা আগবঢ়াই শেষ মুহূর্তত হাৰ মানে৷
ফাইনেলত দুয়োগৰাকীয়ে আক্রমণাত্মক খেলেৰে জয়ৰ সম্ভাৱনা উজ্জ্বল কৰি তুলিছিল যদিও ৰেফাৰীয়ে মংগোলীয়াৰ বক্সাৰগৰাকীক ৩–২ৰ ব্যৱধানত জয়ী ঘোষণা কৰে৷ ২৭ বছৰীয়া শিৱ থাপাই ইয়াৰ পূর্বে ২০১৩ত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল৷ ২০১৭ত তেওঁ ৰূপ আৰু ২০১৫, ২০১৯ত দুটাকৈ ব্রঞ্জ পদক অর্জন কৰিবলৈ সক্ষম হৈছিল৷
ইফালে, ভাৰতৰ মহিলা তাৰকা পূজা ৰাণীয়ে ৭৫ কেজিত সোণৰ পদক লাভ কৰিছে৷ ফাইনেলত তেওঁ উজবেকিস্তানৰ মাভলুডা ম’ভলুন’ভাক ৫–০ৰ ব্যৱধানত হৰুৱায়৷ ২০১৯তো তেওঁ স্বর্ণ জয় কৰিছিল৷ অৱশ্যে ভাৰতৰ তাৰকা পুৰুষ বক্সাৰ অমিত পাংহাল ৫২ কেজিৰ ফাইনেলত পৰাজয়ৰ সন্মুখীন হয়৷ ডিফেণ্ডিং চেম্পিয়ন পাংহালক উজবেকিস্তানৰ জিৰ’ভ চাখ’বিডিনে ৩–২ৰ ব্যৱধানত পৰাস্ত কৰে৷ প্রতিযোগিতাখনত সামগ্রিকভাৱে ভাৰতে ১৫টা পদক জয়েৰে এছিয়ান বক্সিঙত সর্বশ্রেষ্ঠ প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হয়৷