ক্রমাগত ৩০খন টি-২০ মেচত জয়ৰ অংশীদাৰ শিৱম ডুবে
নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ ফেব্ৰুৱাৰীঃ ক্রমাগত ৩০খন টি–২০ মেচত জয়লাভৰ সোৱাদ লাভ কৰি বিশ্বৰ প্রথমগৰাকী খেলুৱৈ হিচাপে নজিৰ গঢ়িলে টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ শিৱম ডুবেই৷ ৱাংখেড়েত ইংলেণ্ডৰ বিপক্ষে খেলা পঞ্চম তথা অন্তিমখন টি–২০ত ভাৰতীয় দলটোৱে জয়লাভ কৰাৰ পিছত এই অভিলেখ গঢ়ে ডুবেই৷ ২০১৯ চনৰ ৩ নৱেম্বৰত দিল্লীত বাংলাদেশৰ বিপক্ষে খেলি টি–২০ অভিষেক ঘটোৱা ৩১ বছৰীয়া অলৰাউণ্ডাৰগৰাকীয়ে এই পর্যন্ত ৩৫খন টি–২০ মেচ খেলিছে৷ উক্ত শৃংখলাৰ প্রথম আৰু পঞ্চমখন মেচত পৰাজিত হোৱা ভাৰতীয় দলটোৰ সদস্য আছিল শিৱম ডুবে৷ ইয়াৰ পিছৰ পৰা টীম ইণ্ডিয়াই কোনো এখন টি–২০ত পৰাজয়ৰ মুখ দেখা নাই, যিখন মেচত ডুবেই খেলিছে৷ ২০২০ চনৰ জানুৱাৰীত নিউজিলেণ্ডক ৫–০ত পৰাস্ত কৰা ভাৰতীয় দলটোৰ সদস্য শিৱম ডুবেই ২০২৪ চনৰ টি–২০ বিশ্বকাপৰ ৮খন মেচত অংশগ্রহণ কৰি আটাইকেইখনতে জয়ৰ সোৱাদ লাভ কৰিছিল ডুবেই৷ ইফালে, ইংলেণ্ডৰ বিৰুদ্ধে সদ্যসমাপ্ত পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ অন্তিম দুখনত ভাৰতীয় দলটোৰ মূল একাদশত স্থান লাভ কৰিছিল আৰু দুয়োখনতে ঘৰুৱা দলটোৱে জয়ৰ সোৱাদ লাভ কৰিছে৷