নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোহিত শর্মাক নিজৰ আসন এৰি দিলে শ্রেয়াছ আয়াৰে

🔹 লাখ লাখ অনুৰাগীৰ জিনিলে হৃদয়

নিউজ ডেস্ক, ২৩ আগষ্ট : বুধবাৰে মুম্বাইত অনুষ্ঠিত হয় চিয়েট বার্ষিক ক্রিকেট বঁটা প্রদান অনুষ্ঠান৷ য’ত ভাৰতৰ প্রাক্তন মুখ্য প্রশিক্ষক ৰাহুল দ্রাবিড়ক প্রদান কৰা হয় ‘লাইফ টাইম এচিভমেণ্ট বঁটা’৷ আনহাতে, টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাক ‘পুৰুষৰ শাখাত বছৰটোৰ আন্তঃৰাষ্ট্রীয় ক্রিকেটাৰ’ৰ বঁটা প্রদানৰ লগতে প্রাক্তন অধিনায়ক বিৰাট কোহলিক ‘পুৰুষৰ শাখাত বছৰটোৰ এদিনীয়া বেটাৰ’ শীর্ষক বঁটা প্রদান কৰা হয়৷ অৱশ্যে ভাৰতীয় ক্রিকেট দলৰ অন্যতম সদস্য শ্রেয়াছ আয়াৰে আন এক কাৰণৰ বাবেহে অনুষ্ঠানটোত উপস্থিত থকা সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছে৷ এই বঁটা প্রদান অনুষ্ঠানৰ এক বিশেষ মুহূর্তৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত৷ যি ভিডিঅ’ই লাখ লাখ ক্রিকেটপ্রেমীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে৷ ভিডিঅ’টোত দেখা পোৱা অনুসৰি, পূর্বৰে পৰা উপস্থিত থকা ভাৰতীয় ক্রিকেট দলৰ অন্যতম সদস্য শ্রেয়াছ আয়াৰে অধিনায়ক ৰোহিত শর্মা উপস্থিত হোৱাৰ লগে লগে নিজৰ আসনখন এৰি বহিবলৈ অনুৰোধ জনায়৷ আয়াৰৰ এই ভংগিমা ৰোহিত শর্মাই হাঁহিমুখে গ্রহণ কৰে যদিও আয়াৰৰ সন্মুখতে থকা নিজৰ আসনখনত বহে ভাৰতৰ অধিনায়কগৰাকী৷ এই বিশেষ মুহূর্তৰ ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে নেটিজেনসকলে প্রশংসাৰে উপচাই পেলায় আয়াৰক৷ এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লিখিছে- ‘ৰোহিত শর্মা আৰু শ্রেয়াছ আয়াৰৰ খেলপথাৰত আৰু বাহিৰত এক সুন্দৰ বন্ধুত্বমূলক সম্পর্ক আছে৷ তেওঁলোকৰ বন্ধুত্বই দলটোলৈ ইতিবাচকতা আনিছে আৰু এয়া দেখা পোৱাটো সদায় আনন্দদায়ক৷’ শ্রেয়াছ আয়াৰে চিয়েট বঁটা প্রদান অনুষ্ঠানত লাভ কৰে ষ্টাৰ স্প’ৰ্টছ টি–২০ নেতৃত্ব বঁটা ৷

You might also like