শ্ৰেয়াছ পঞ্জাবলৈ, ঋষভ পণ্ট সঞ্জীৱ গোৱেংকাৰ লক্ষ্ণৌলৈ
🔹 আই পি এলৰ নিলামত অভিলেখ ভংগৰ প্ৰতিযোগিতা
🔹 কিমানত ক্ৰয় কৰিলে দুয়োগৰাকী তাৰকা ক্ৰিকেটাৰক ?
নিউজ ডেস্ক, ২৪ নৱেম্বৰ : আজি আই পি এলৰ নিলাম আৰম্ভ হোৱাৰ লগে লগে অভিলেখ ভংগৰ প্ৰতিযোগিতা চলে। বিগত ছিজনত কলকাতা নাইট ৰাইডাৰ্ছে শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত আই পি এলত জয়লাভ কৰিছিল। এইবাৰ শ্ৰেয়াছে নিলামৰ টেবুলত ধুমুহাৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছিল। কিন্তু শ্ৰেয়াছ আয়াৰে হয়তো ভবা নাছিল যে তেওঁৰ দাম ২৬ কোটি ৭৫ লাখলৈ বৃদ্ধি পাব। কিন্তু সেই বিশ্বাস কৰিব নোৱাৰা কথাটোৱে সংঘটিত হ’ল। আই পি এলৰ নিলামৰ প্ৰথম ঘণ্টাতে মিচেল ষ্টাৰ্কৰ অভিলেখ ভংগ কৰি সৰ্বকালৰ আটাইতকৈ ব্যয়বহুল ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় শ্ৰেয়াছ আয়াৰ। দিল্লী কেপিটেলছ আৰু পঞ্জাব কিংছৰ মাজত চলা যুঁজত অৱশেষত পঞ্জাবে ক্ৰয় কৰে শ্ৰেয়াছক । শ্ৰেয়াছক পঞ্জাবে ২৬ কোটি ৭৫ লাখ টকাত ক্ৰয় কৰি সকলোকে হতবাক কৰি তোলে। তাৰ আধা ঘণ্টাৰ ভিতৰতে পুনৰ শ্ৰেয়াছৰ অভিলেখ ভংগ কৰে ঋষভ পণ্টে। তেওঁৰ দৰ উঠিল ২৭ কোটি। এইবাৰৰ আই পি এলৰ আটাইতকৈ ‘হট প্ৰপাৰ্টী’ আছিল পণ্ট। আশা কৰা মতে পণ্টে লাভ কৰিলে ২৭ কোটি। তেওঁক নাটকীয়ভাৱে ক্ৰয় কৰিলে সঞ্জীৱ গোৱেংকাৰ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে। বৰ্তমান আই পি এলৰ আটাইতকৈ দামী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে পণ্ট। জনা গৈছিল যে দিল্লীয়ে শ্ৰেয়াছক টাৰ্গেট কৰিব। আনহাতে, নিলামৰ পূৰ্বে পঞ্জাবে হয়তো পণ্টৰ বাবে জঁপিয়াই পৰিব বুলি ভবা হৈছিল।