নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপৰ পূৰ্বে ডেংগুত আক্ৰান্ত শুভমন

বিশেষ বাৰ্তা, ৬ আগষ্ট : বিশ্বকাপ ক্ৰিকেটৰ আৰম্ভণিতে ভাৰতীয় ক্ৰিকেটপ্ৰেমীলৈ এক দুখবৰ আহিছে। দেওবাৰে বিশ্বকাপত ভাৰতীয় দলটো প্ৰথমখন মেচত অৱতীৰ্ণ হ’ব। চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব ভাৰতে। কিন্তু বৰ্তমান সুন্দৰ ফৰ্মত থকা শুভমন গিল সেই মেচখনত উপলব্ধ হ’ব নে নহয়, সেয়া স্পষ্ট হোৱা নাই। কাৰণ তাৰকা ক্ৰিকেটাৰগৰাকী ডেংগুত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। বিশ্বকাপৰ পূৰ্বে অনুষ্ঠিত বহুকেইখন খেলত ফৰ্মত থকাৰ ইংগিত দিছে যুৱ অ’পেনাৰগৰাকীয়ে। এনে পৰিস্থিতিত শুভমনে খেলিব নোৱাৰিলে ভাৰতীয় ক্ৰিকেট দলটোৰ ক্ষতি হ’ব বুলি ক্ৰিকেট বিশেষজ্ঞই প্ৰকাশ কৰিছে । যদিহে শুভমনে প্ৰথমখন মেচত খেলিব নোৱাৰে, তেন্তে ঈশান কিষণে ৰোহিত শৰ্মাৰ সৈতে ইনিংছ মুকলি কৰাৰ সম্ভাৱনা প্ৰবল।

You might also like