নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতলৈ উভতিয়েই ঘৰৰ সলনি কবৰস্থানলৈ গ’ল ক্ৰিকেটাৰ মহম্মদ চিৰাজ

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ ভাৰতৰ নৱতম ক্ৰিকেটাৰ মহম্মদ চিৰাজে আজি আহি পাইছেহি ভাৰত। কিন্তু বিমান বন্দৰৰ পৰা ঘৰ অভিমুখে নগৈ পিতৃ মহম্মদ ঘৌছৰ কবৰস্থানলৈ গমন কৰে তেওঁ। পিতৃৰ কবৰস্থানলৈ গৈ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে ক্ৰিকেটাৰগৰাকীয়ে।

জাতীয় দলৰ সৈতে অষ্ট্ৰেলিয়ালৈ গমন কৰাৰ পিছতে পিতৃ বিয়োগৰ খবৰ পাইছিল ক্ৰিকেটাৰ মহম্মদ চিৰাজে। বিচিচিআয়ে তৰুণ পেচাৰগৰাকীক বিচাৰিলে ভাৰতলৈ উভতি পিতৃৰ শেষকৃত্যত উপস্থিত থাকিব পাৰে বুলি জনাইছিল। কিন্তু দেশলৈ উভতি অহা নাছিল।

কিয়নো পিতৃৰ শেষকৃত্যৰ বাবে তেওঁ উভতি আহিলে পিতৃৰ ইচ্ছা পূৰণ কৰাটো সম্ভৱ নহ’লহেঁতেন। পৰিবাৰৰ লগতে অধিনায়ক কোহলিৰ পৰামর্শ মতে তেওঁ অষ্ট্ৰেলিয়াতে থাকি গৈছিল। অষ্ট্ৰেলিয়া ভ্ৰমণত দেশৰ হৈ টেষ্ট ক্রিকেটত দুৰন্ত বলিঙৰ লগতে সহনশীল বেটিঙেৰে দলক ছিৰিজ জয়ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল তেওঁ।

You might also like