নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনাকাংক্ষিত অভিলেখ অধিনায়ক ৰোহিত শর্মাৰ

🔹 এদিনীয়া বিশ্বকাপৰ ফাইনেলৰ পিছৰ পৰা জয়ৰ মুখ দেখা নাই হিটমেনে

নিউজ ডেস্ক, ১০ মার্চ : চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত এক অনাকাংক্ষিত অভিলেখ গঢ়ে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই৷ ভাৰতীয় দলৰ অধিনায়ক হিচাপে একেৰাহে ১২খন এদিনীয়া মেচত টছত পৰাস্ত হয় ৰোহিত শর্মা৷ ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলৰ পিছৰ পৰা টছত জয়ৰ মুখ দেখা নাই হিটমেনে৷ ৰোহিত শর্মাৰ পূর্বে অধিনায়ক হিচাপে এদিনীয়াত একেৰাহে ১২খন মেচত টছত পৰাস্ত হোৱাৰ অনাকাংক্ষিত অভিলেখটো আছিল ৱেষ্ট ইণ্ডিজৰ ব্রায়ান লাৰাৰ নামত৷ কালি লাৰাৰ অনাকাংক্ষিত অভিলেখটো স্পর্শ কৰে ৰোহিতে৷ ১৯৯৮ চনৰ অক্টোবৰৰ পৰা ১৯৯৯ চনৰ মে’ মাহলৈকে একেৰাহে ১২খন মেচত টছত পৰাস্ত হৈছিল লাৰা৷ এই তালিকাৰ দ্বিতীয় স্থানত আছে নেদাৰলেণ্ডছৰ প্রাক্তন অধিনায়ক পিটাৰ ব’ৰেন৷ ২০১১ চনৰ মে’ৰ পৰা ২০১৩ চনৰ আগষ্টৰ ভিতৰত একেৰাহে ১১খন এদিনীয়া মেচত তেওঁ টছত পৰাস্ত হৈছিল৷ ইপিনে, বিগত ১৫খন এদিনীয়াত ভাৰতে টছত জয়ী হ’ব পৰা নাই৷ এয়াও এক অনাকাংক্ষিত অভিলেখ৷ ৰোহিত শর্মাই ১২খন মেচত টছত পৰাস্ত হোৱাৰ লগতে দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাত ভাৰতক নেতৃত্ব দিয়া লোকেশ ৰাহুলে তিনিওখন মেচতে টছত জয়ী হ’ব নোৱাৰিলে৷

You might also like