প্রস্তুতি মেচত সতীর্থৰ প্রদর্শনত সুখী অধিনায়ক ৰোহিত
বিশেষ বাৰ্তা, ৩ জুন : টি–২০ বিশ্বকাপৰ পূর্বে খেলা একমাত্র প্রস্তুতি মেচখনত সতীর্থসকলে দাঙি ধৰা প্রদর্শনক লৈ সুখী অধিনায়ক ৰোহিত শর্মা৷ সকলোৱে নতুন পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাই ল’ব পৰা বাবে স্বস্তি অনুভৱ কৰিছে ৰোহিতে৷ তেওঁ আশা কৰিছে যে দলৰ সকলোৱে নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰিব পাৰিলে বিশ্বকাপত প্রত্যাশিত ফলাফল দাঙি ধৰা সম্ভৱ হ’ব৷ শনিবাৰে অনুষ্ঠিত মেচখনত প্রথমে বেটিং কৰি ভাৰতে বাংলাদেশৰ বিৰুদ্ধে ৫ উইকেটত ১৮২ ৰান সংগ্রহ কৰে৷ প্রত্যুত্তৰত বিপক্ষ দলটোৱে ৯ উইকেটত ১২২ ৰান কৰি থমকি ৰয়৷ টছত জয়লাভ কৰি প্রথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱা ভাৰতৰ অ’পেনাৰ সঞ্জু ছেমছনে এক ৰানতে আউট হয়৷ ৩ নম্বৰত বেটিং কৰিবলৈ অহা ঋষভ পণ্টে দর্শনীয় বেটিঙেৰে ৩২টা বলত ৫৩ ৰান কৰে৷ অধিনায়ক ৰোহিত আউট হয় ২৩ ৰানত৷ সূর্যকুমাৰ যাদৱে ১৮টা বলত ৩১ ৰান কৰাৰ বিপৰীতে হার্দিক পাণ্ডিয়াই ২৩টা বলত ৪০ ৰান কৰি অপৰাজিত হৈ ৰয়৷ বাংলাদেশৰ অভিজ্ঞ বলাৰ ছাকিব আল হাছানে ৪ অভাৰত ৪৭ ৰান দিয়ে৷ ১৮৩ ৰানৰ লক্ষ্য অতিক্রম কৰিবলৈ গৈ বাংলাদেশে ১২২ ৰানহে সংগ্রহ কৰাত মেচখনত ভাৰত বিজয়ী হয় ৬২ ৰানত৷