অধিনায়ক ৰোহিত শর্মাৰ টেষ্টৰ দুৱাৰ বন্ধ
🔹 মুখ্য নির্বাচক আগৰকাৰে কৰিলে বিস্ফোৰক মন্তব্য
নিউজ ডেস্ক, ৪ জানুৱাৰী : টি–২০ৰ পিছত এইবাৰ টেষ্টতো অন্ত পৰিছে ৰোহিত শর্মাৰ কেৰিয়াৰ! অষ্ট্রেলিয়াৰ বিপক্ষে চলি থকা ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীৰ মেলব’ৰ্নত অনুষ্ঠিত চতুর্থ টেষ্টখনেই এতিয়া ৰোহিতৰ টেষ্ট কেৰিয়াৰৰ অন্তিমখন মেচ হিচাপে প্রমাণিত হোৱাৰ দিশে আগবাঢ়িছে৷ শেহতীয়াকৈ প্রকাশিত এক প্রতিবেদন অনুসৰি, বিচিচিআইৰ নির্বাচকসকলে ৰোহিতক এই বিষয়ে জানিবলৈ দিছে৷ কেংগাৰু বাহিনীৰ বিপক্ষে চলি থকা ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীৰ পিছত ৰোহিতক টেষ্ট দলত স্থান দিয়াৰ কথা চিন্তা কৰা নাই বিচিচিআয়ে৷ লক্ষণীয়ভাৱে শেহতীয়াকৈ চলি অহা চর্চাৰ দৰেই কালিৰ পৰা আৰম্ভ হোৱা ছিডনী টেষ্টৰ পৰা বাদ পৰিছে ৰোহিত৷ এগৰাকী বেটাৰ হিচাপে সন্মুখীন হোৱা ধাৰাবাহিক ব্যর্থতাৰ লগতে অধিনায়ক হিচাপেও তেওঁৰ দুর্বল প্রদর্শনৰ প্রতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে বুলি প্রতিবেদনত দাবী কৰা হৈছে৷ প্রতিবেদন মতে, দলৰ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰ আৰু মুখ্য নির্বাচক অজিত আগৰকাৰে ৰোহিতৰ সৈতে বৈঠকত মিলিত হয়৷ এই বৈঠকৰ পিছতে ছিডনী টেষ্টৰ পৰা ৰোহিতক বাদ দিয়াৰ সিদ্ধান্ত লোৱা হয় বুলিও প্রতিবেদনত উল্লেখ কৰা হৈছে৷ সংবাদ প্রতিষ্ঠানৰ প্রতিবেদন অনুসৰি, ভাৰতীয় দলত এতিয়া পৰিৱর্তনৰ বিষয়ে চিন্তা–চর্চা কৰা হৈছে৷ সেয়ে ভাৰতীয় নির্বাচক দলে ৰোহিত শর্মাৰ সৈতে বৈঠকত মিলিত হৈ টেষ্ট কেৰিয়াৰৰ ভৱিষ্যৎ সন্দর্ভত সকলো কথা স্পষ্ট কৰি দিয়ে৷ তাৎপর্যপূর্ণভাৱে অষ্ট্রেলিয়া ভ্রমণৰ পিছত নির্বাচক দলে বিৰাট কোহলিৰ সৈতেও এই বিষয়ত কথা পাতিব বুলি দাবী কৰা হৈছে প্রতিবেদনত৷ প্রকাশিত প্রতিবেদন মতে, অষ্ট্রেলিয়া ভ্রমণৰ পিছতে কোহলিৰ সৈতেও এখন বৈঠক অনুষ্ঠিত হ’ব আৰু দলৰ ভৱিষ্যৎ তথা পৰিৱর্তনৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হ’ব৷ এই সময়ছোৱাত ৰোহিত আৰু কোহলিৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰি সেই অনুসৰি তেওঁলোকৰ ভৱিষ্যৎ সন্দর্ভত সিদ্ধান্ত লোৱা হ’ব৷ এতিয়া ৰোহিত শর্মা আৰু কোহলিৰ সৈতে এই বিষয়ত আলোচনা কৰা হ’ব৷ আনহাতে, নির্বাচকসকলে দলৰ আন এগৰাকী জ্যেষ্ঠ খেলুৱৈ অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজাৰ স্থান টেষ্ট দলত অব্যাহত ৰখাৰ কথা চিন্তা কৰিছে৷ উল্লেখ্য যে ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীৰ তিনিখন টেষ্ট মেচত চূড়ান্তৰূপে ব্যর্থ হয় ৰোহিত শর্মা৷ এই তিনিখন টেষ্টৰ ৫টা ইনিংছত ৰোহিতে মাত্র ৩১ৰানহে সংগ্রহ কৰে৷ অৱশ্যে এই শৃংখলাতে নহয়, ভাৰতীয় অধিনায়কগৰাকী নিউজিলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধে বিগত দুটা ঘৰুৱা টেষ্ট শৃংখলাতো ব্যর্থ হৈছিল৷ বিগত ৮খন টেষ্টত ৰোহিতে মাত্র এটা অর্ধশতকীয় ইনিংছহে খেলিবলৈ সক্ষম হৈছিল৷ ইয়াৰ পিছতে সংকটাপন্ন হৈ পৰিছিল ৰোহিতৰ টেষ্ট কেৰিয়াৰ৷