প্রশিক্ষক দ্রাবিড়ৰে মতানৈক্য অধিনায়ক সঞ্জুৰ
🔹 অশান্তিৰ ছায়া ৰাজস্থান ৰয়েলছৰ শিবিৰত
নিউজ ডেস্ক, ১৯ এপ্রিল : ৰাজস্থান ৰয়েলছে চলিত আইপিএলত কঠিন সময় অতিবাহিত কৰিছে৷ দিল্লী কেপিটেলছৰ হাতত ছুপাৰ অভাৰত পৰাজয়ৰ পিছত নতুন বিতর্কৰ মাজত সোমাই পৰিছে দলটোৰ অধিনায়ক সঞ্জু ছেমছন৷ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত অধিনায়ক সঞ্জু ছেমছনে দলটোৰ প্রশিক্ষক ৰাহুল দ্রাবিড়ৰ নেতৃত্বত দলীয় আলোচনা ত্যাগ কৰা দেখা গৈছে৷ এই ঘটনাৰ পিছতে দলত কিছু অস্থিৰতাই দেখা দিয়া বুলি সন্দেহ প্রকাশ কৰিছে অনুৰাগীসকলে৷ অৱশ্যে এইক্ষেত্রত অধিনায়ক সঞ্জুৱে দলত কোনো মতানৈক্য হোৱা নাই বুলি ব্যক্ত কৰিছে৷ বুধবাৰে দিল্লী কেপিটেলছ আৰু ৰাজস্থান ৰয়েলছৰ মাজৰ শ্বাসৰুদ্ধকাৰী মেচখন ছুপাৰ অভাৰলৈ যায় আৰু মেচখনত দিল্লীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়৷ খেলৰ অন্তত ৰাজস্থান দলটোৰ প্রশিক্ষক ৰাহুল দ্রাবিড়ে আন খেলুৱৈৰ সৈতে আলোচনাত মিলিত হৈছিল৷ কিন্তু সঞ্জুৱে সেই আলোচনাত গুৰুত্ব নিদি পোনে পোনে ড্রেছিং ৰুমলৈ গুচি গৈছিল৷ এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে সঞ্জু আৰু দ্রাবিড়ৰ মাজত মতানৈক্য হোৱা বুলি সন্দেহ কৰিছে নেটিজেনসকলে৷ অৱশ্যে ছ’চিয়েল মিডিয়াত বিয়পি পৰা ভিডিঅ’টো সন্দর্ভত সঞ্জুৱে কয় যে মই সদায় দলৰ সৈতে একেলগে আছোঁ৷ সেইদিনা মোৰ শাৰীৰিক অৱস্থা ভাল নাছিল৷ গতিকে আলোচনাত থাকিব নোৱাৰিলোঁ৷ কিন্তু তাৰ অর্থ এইটো নহয় যে দলত কোনো সমস্যা আছে৷ আমি সকলোৱে একেলগে কাম কৰি আছোঁ৷ প্রশিক্ষক দ্রাবিড়ৰ সৈতে তেওঁৰ সম্পর্ক অতি ভাল আৰু তেওঁ প্রশিক্ষকৰ পৰা বহু কথা শিকিছে বুলিও কয়৷ উল্লেখ্য যে চলিত আইপিএলত ৰাজস্থানে আশানুৰূপ প্রদর্শন দাঙি ধৰিব পৰা নাই৷ দলটোৱে এতিয়ালৈকে সাতখন মেচ খেলি মাত্র দুখনতহে জয়ৰ মুখ দেখিছে৷ আজি ৰাজস্থানে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি হ’ব৷