নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী কেপিটেলছলৈ সৌৰভ গাংগুলী

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰী: আই পি এলত পুনৰ দেখা যাব সৌৰভ গাংগুলীক৷ দিল্লী কেপিটেলছ দললৈ উভতিছে তেওঁ৷ তেওঁক দেখা যাব দলটোৰ ক্রিকেট সঞ্চালক ৰূপে৷ দলটোৰ অধিনায়কৰ দায়িত্বত আছে ঋষভ পণ্ট৷ আনহাতে, প্রশিক্ষক ৰূপে আছে ৰিকি পণ্টিং৷ উল্লেখ্য যে ভাৰতীয় দলৰ প্রাক্তন অধিনায়ক গাংগুলীয়ে যোৱা বছৰৰ অক্টোবৰ মাহত ভাৰতীয় ক্রিকেট ব’ডৰ দায়িত্বৰ পৰা অব্যাহতি লয়৷ এতিয়া আই পি এলৰ দায়িত্ব গ্রহণ কৰিলে তেওঁ ডুবাই আৰু দক্ষিণ আফ্রিকাত কেপিটেলছৰ যি দুটা দল আছে, সেই দুটাৰ সৈতেও যুক্ত হ’ব৷ আই পি এলৰ এগৰাকী কর্মকর্তাই সংবাদ মাধ্যমক জনোৱা অনুসৰি এইবছৰেই সৌৰভ উভতি আহিব দিল্লী কেপিটেলছ দললৈ৷ ইতিমধ্যে এই সম্পর্কে সকলো আলোচনা সম্পন্ন হৈছে৷ উল্লেখ্য যে ২০১৯ চনত দিল্লী কেপিটেলছ দলৰ মেণ্টৰ আছিল সৌৰভ৷ প্রশিক্ষক পণ্টিঙৰ সৈতে সৌৰভক যুক্ত কৰি শক্তি বৃদ্ধি কৰিব বিচাৰে দিল্লীয়ে৷ ব’ডৰ সভাপতিৰ দায়িত্ব লোৱা বাবে দিল্লী কেপিটেলছৰ দায়িত্ব এৰিবলগীয়া হৈছিল সৌৰভে৷ এইবাৰ ব’ডৰ সকলো দায়িত্ব এৰি দিয়াৰ পিছত কোনো অসুবিধা নহ’ব৷

You might also like