নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সপ্তমবাৰৰ ব্যৰ্থতাৰ অন্ত পেলাই বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ জুনঃ টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে দক্ষিণ আফ্ৰিকাই। দক্ষিণ আফ্ৰিকাই উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ছেমিফাইনেলত আফগানিস্তানক পৰাস্ত কৰে। দলটোৰ জয়ৰ পিছত আৱেগিক হৈ পৰে অধিনায়ক এইডেন মাৰ্কৰাম। চকুৰ পৰা চকুলো বৈ আহিল। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে মাৰ্কৰামৰ এখন ফটো। দক্ষিণ আফ্ৰিকাই প্ৰথমে আফগানিস্তানক ৫৬ ৰানত আউট কৰে আৰু তাৰ পিছত ৮.৫ অভাৰত ১ উইকেট হেৰুৱাই মেচখন জয় কৰে। দক্ষিণ আফ্ৰিকাৰ জয়ৰ মূলতে আছিল বলাৰসকলৰ বিধ্বংসী ৰূপ। দক্ষিণ আফ্ৰিকাৰ হৈ মাৰ্কো জনছনে ৩ অভাৰত ১৬ ৰানত ৩টা উইকেট দখল কৰে। ১.৫ অভাৰত ৬ ৰানত ৩টা উইকেট দখল কৰে ছামছিয়ে। ৰাবাদাই ৩ অভাৰত ১৪ ৰানত ২ উইকেট দখল কৰে। আনহাতে নৰ্খিয়াই ৩ অভাৰত ৭ ৰানত ২ উইকেট দখল কৰে। দৰাচলতে দক্ষিণ আফ্ৰিকাই প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে। এইডেন মাৰ্কৰামৰ অধিনায়কত্বত দলটোৱে আচৰিত কাম কৰিলে। দলৰ জয়ৰ পিছত আৱেগিক হৈ পৰে মাৰ্কৰাম। চকুৰ পৰা চকুলো ওলাই আহিল। মাৰ্কৰামৰ এখন ফটো ছচিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। দক্ষিণ আফ্ৰিকাক ফাইনেললৈ লৈ যোৱা প্ৰথমজন অধিনায়ক মাৰ্কৰাম। ছেমিফাইনেলত দক্ষিণ আফ্ৰিকাই ৭বাৰ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। এইবাৰ দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছে। ২০২৪ চনৰ টি-২০ বিশ্বকাপত দক্ষিণ আফ্ৰিকাই উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। ইয়াৰ পূৰ্বে তেওঁলোকে নিজৰ গ্ৰুপৰ সকলো মেচতে জয়লাভ কৰিছিল। ইয়াৰ পিছত তেওঁলোকে ছুপাৰ ৮ মেচত জয়লাভ কৰে। ছেমিফাইনেলত দক্ষিণ আফ্ৰিকাই আফগানিস্তানক ৫৬ ৰানত পৰাস্ত কৰে। আফগান দলটোৱে ১১.৫ অভাৰত অল আউট হৈছিল। ইয়াৰ পিছতে দক্ষিণ আফ্ৰিকাই ৮.৫ অভাৰত জয়লাভ কৰে। দলটোৱে মাত্ৰ ১ উইকেট হেৰুৱাইছিল। ২০২৪ চনৰ টি-২০ বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে কুইণ্টন ডি ককে। ৮খন মেচত ২০৪ ৰান সংগ্ৰহ কৰিছে। এই প্ৰতিযোগিতাত ডি ককে ১৭টা চাৰি আৰু ১২টা ছয় মাৰিছে। দলটোৰ হৈ সৰ্বাধিক উইকেট দখল কৰিছে এনৰিকে নৰ্খিয়াই। ৮খন মেচত ১৩টা উইকেট দখল কৰিছে। বিশ্বকাপৰ যাত্ৰা দক্ষিণ আফ্ৰিকাৰ বাবে এতিয়ালৈকে সহজ হোৱা নাই। ৭বাৰ ছেমিফাইনেলত পৰাজয়ৰ সন্মুখীন হৈছে। ইয়াৰ বাবেই দলটোক চকাৰ বুলিও টেগ কৰা হৈছিল। অৱশ্যে এতিয়া এই টেগটো আঁতৰোৱা হৈছে। ১৯৯২ চনৰ ছেমিফাইনেলত দক্ষিণ আফ্ৰিকা ইংলেণ্ডৰ হাতত পৰাস্ত হৈছিল। ইয়াৰ পিছত ১৯৯৯ চনত অষ্ট্ৰেলিয়াৰে পৰাস্ত হয়। ২০০৭ চনত অষ্ট্ৰেলিয়াৰেই পৰাস্ত হৈছিল। ইয়াৰ পিছত ২০০৯ চনত পাকিস্তানৰে পৰাস্ত হয়। ২০১৪ চনত ভাৰতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিছিল। ২০১৫ চনত নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈছিল। ইয়াৰ পিছত ২০২৩ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাস্ত হয়।

You might also like