প্ৰথম মেচত বেটিং চমক, পিছত ক্ৰমাগত চতুৰ্থ পৰাজয় SRHৰ, বিজয়ৰ হেটট্রিক GTৰ
নিউজ ডেস্ক, ৭ এপ্ৰিলঃ চলিত আইপিএলত ছানৰাইজার্ছ হায়দৰাবাদৰ ব্যর্থতা অব্যাহত আছে৷ ইয়াৰ পূর্বে খেলা তিনিখন মেচত দলটোৱে বিজয় সাব্যস্ত কৰিব পৰা নাছিল৷ সেই ছবিখনেই প্রতিফলিত হ’ল৷ ঘৰুৱা খেলপথাৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে দলটো ৭ উইকেটত পৰাজিত হয়৷ মেচখনত প্রথমে বেটিং কৰি হায়দৰাবাদে ১৫২ ৰানহে সংগ্রহ কৰে৷ প্রত্যুত্তৰত অধিনায়ক শুভমন গিল, ৱাছিংটন সুন্দৰ আৰু শ্বেৰফান ৰুদাৰফ’ডৰ দর্শনীয় বেটিঙৰ সহায়ত গুজৰাটে ১৬.৪ অভাৰতে তিনিটা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়৷ আজিও মেচখনত ব্যর্থ হয় হায়দৰাবাদৰ অভিষেক শর্মা, ট্রেভিছ হেড, ঈশান কিষণৰ দৰে তাৰকা বেটাৰসকল৷ টছত জয়লাভ কৰি প্রথমে বলিং কৰাৰ সিদ্ধান্ত লয় গুজৰাটৰ অধিনায়ক শুভমন গিলে৷ তেওঁৰ সিদ্ধান্ত সঠিক প্রমাণিত কৰে চিৰাজে৷ অ’পেনাৰ অভিষেক শর্মা আৰু ট্রেভিজ হেডক তেওঁ বিদায় দিয়ে৷ অভিষেকে ১৮ ৰান কৰাৰ বিপৰীতে হেডৰ বেটৰ পৰা আহে মাত্র ৮ ৰান৷ ঈশান কিষণেও ১৭ ৰানত বিদায় লয়৷ দলৰ হৈ সর্বাধিক ৩১ ৰান কৰে নীতিশ কুমাৰ ৰেড্ডীয়ে৷ দলটোৰ হৈ আনিকেত বার্মাই ১৮, কামিণ্ডু মেণ্ডিজে ১, পেট কামিনছে অপৰাজিত ২২, চিমৰজিৎ সিঙে শূন্য আৰু মহম্মদ ছামিয়ে অপৰাজিত ৬ ৰান সংগ্রহ কৰে৷ শীর্ষ বেটাৰসকল ব্যর্থ হোৱাত হায়দৰাবাদে নির্ধাৰিত অভাৰত ৮ উইকেটত ১৫২ ৰানহে সংগ্রহ কৰে৷ চিৰাজে ৪টা উইকেট দখল কৰে৷ ইপিনে গুজৰাটৰ অ’পেনাৰ ছাই সুদর্শন মহম্মদ ছামিৰ বলত ৫ ৰানতে আউট হ’লেও গিলে সুন্দৰ বেটিঙেৰে ৪৩টা বলত অপৰাজিত ৬১ ৰান সংগ্রহ কৰে৷ আনহাতে ৱাছিংটন সুন্দৰে ২৯টা বলতে ৪৯ ৰানৰ এটি বিধ্বংসী ইনিংছ খেলি দলৰ বিজয়ত মুখ্য ভূমিকা গ্রহণ কৰে৷ অৱশ্যে তেওঁ ছামিৰ বলত ১ ৰানৰ বাবে অর্ধশতৰানৰ পৰা বঞ্চিত হয়৷ ৰুদাৰ ফ’র্ডে ১৬টা বলতে ৩৫ ৰানৰ অপৰাজিত ইনিংছেৰে দলক বিজয়ৰ দুৱাৰডলিত উপনীত কৰায়৷ উল্লেখ্য যে গুজৰাটে এই পর্যন্ত খেলা ৪খন মেচৰ ৩খনতে জয়লাভ কৰিছে৷ ইপিনে প্রথমখন মেচত জয়লাভ কৰাৰ পিছত হায়দৰাবাদে বিজয়ৰ মুখ দেখা নাই৷