নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাল্লিকেলত আজি শ্ৰীলংকাৰে প্রথম টি-২০ টীম ইণ্ডিয়াৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ জুলাইঃ টীম ইণ্ডিয়া আৰু ঘৰুৱা দল শ্রীলংকাৰ মাজৰ তিনিখনীয়া টি-২০ মেচৰ শৃংখলাটো আজিৰ পৰা আৰম্ভ হ’ব৷ পাল্লিকেলত হ’বলগীয়া মেচখনত বিজয় সাব্যস্ত কৰি শ্রীলংকাত প্রত্যয়জনক আৰম্ভণি কৰিব বিচাৰিছে নৱনিযুক্ত প্রশিক্ষক, অধিনায়ক গৌতম গম্ভীৰ আৰু সূর্য কুমাৰ যাদৱৰ টীম ইণ্ডিয়াই৷ বিশ্ব চেম্পিয়ন হোৱাৰ পিছত ভাৰতীয় দলটোৱে দ্বিতীয়টো টি-২০ শৃংখলাত ভাগ ল’ব৷ ইয়াৰ পূর্বে জিম্বাব’ৱেত অনুষ্ঠিত টি–২০ শৃংখলাটোত ভাৰতীয় দলটোৱে বিজয়ী হৈছিল যদিও উক্ত শৃংখলাটোত ভাৰতীয় দলটোত আছিল অধিকসংখ্যক যুৱ খেলুৱৈ৷ কিন্তু শ্রীলংকাত আজিৰ পৰা হ’বলগীয়া শৃংখলাটোত শক্তিশালী দলেৰে অৱতীর্ণ হ’ব ভাৰত৷ টি–২০ শৃংখলাটো নৱনিযুক্ত প্রশিক্ষক গৌতম গম্ভীৰ আৰু অধিনায়ক সূর্য কুমাৰ যাদৱৰ বাবে বিশেষ গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ অৱশ্যে প্রথমখন মেচৰ পূর্বে ভাৰতীয় দলটোৰ মূল একাদশ গঠনক লৈ দোমোজাত পৰিছে প্রশিক্ষক গম্ভীৰ৷ উইকেটকীপাৰ হিচাপে ঋষভ পণ্ট আৰু সঞ্জু ছেমছনৰ মাজত যুঁজ চলাৰ পূর্ণ সম্ভাৱনা আছে৷ ইফালে, তাৰকা বেটাৰ শুভমন গিলে টি–২০ত নিজৰ প্রদর্শন উন্নত কৰাৰ লক্ষ্য লৈছে৷ জিম্বাব’ৱেত খেলা টি–২০ শৃংখলাটোত বিশেষ উন্নত প্রদর্শন দাঙি ধৰিব পৰা নাছিল গিলে৷ ভাৰতীয় টি–২০ দলটোত স্থান নিগাজি কৰিবলৈ হ’লে গিলে টি–২০ শৃংখলাটোত উন্নত বেটিং প্রদর্শন দাঙি ধৰিব লাগিব৷ অন্যথা ভাৰতীয় দলৰ পৰা বাদ পৰাৰ সম্ভাৱনাই অধিক৷ যশস্বী জয়ছোৱাল, ৰিংকু সিং আৰু অসম সন্তান ৰিয়ান পৰাগেও শৃংখলাটোত উন্নত প্রদর্শন দাঙি ধৰাৰ আশা ব্যক্ত কৰিছে৷ আনহাতে, তিনিখনীয়া টি–২০ শৃংখলাটোৰ পূর্বে আঘাতৰ সমস্যাত ভুগিছে ঘৰুৱা দল শ্রীলংকাই৷ আঘাতৰ বাবে ইতিমধ্যে শৃংখলাটোৰ পৰা বাহিৰ হৈছে তাৰকা বলাৰ দুষ্মন্ত চমীৰা আৰু নুৱান তুষাৰা৷ খেলৰ সময়ঃ সন্ধিয়া ৭ বজা৷

You might also like