নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীলংকা–টীম ইণ্ডিয়াৰ প্রথম এদিনীয়া মেচ ৰোমাঞ্চকৰ টাই

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ আগষ্টঃ ঘৰুৱা দল শ্রীলংকা আৰু টীম ইণ্ডিয়াৰ মাজৰ তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ প্রথমখন মেচ টাই হয়৷ কলম্বোত অনুষ্ঠিত ৰোমাঞ্চকৰ মেচখনত শ্রীলংকাই জয়ৰ বাবে বান্ধি দিয়া ২৩১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি টীম ইণ্ডিয়াই ৪৭.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৩০ ৰান কৰে আৰু মেচখন টাই হয়৷ টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই সর্বাধিক ৫৮ ৰান কৰাৰ লগতে অক্ষৰ পেটেলে ৩৩, লোকেশ ৰাহুলে ৩১, শিৱম ডুবেই ২৫, বিৰাট কোহলিয়ে ২৪ আৰু শ্রেয়াছ আয়াৰে ২৩ ৰানৰ অৱদান আগবঢ়ায়৷ শুভমন গিলে ১৬ আৰু ৱাশ্বিংটন সুন্দৰে ৫ ৰান কৰি বিদায় লয়৷ শ্রীলংকাৰ হৈ ৱানিন্দু হাছাৰাংগা আৰু চৰিথ আছালাংকা উভয়ে সর্বাধিক তিনিটাকৈ উইকেট লাভ কৰাৰ লগতে ডুনিথ ৱেলালাগেই দুটা, অছিথ ফানাণ্ডো আৰু আকিলা ধনঞ্জয় উভয়ে এটাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও ডুনিথ ৱেলালাগে আৰু অ’পেনাৰ পাথুম নিছানকাৰ দর্শনীয় অর্ধশতকৰ সহায়ত শ্রীলংকাই নির্ধাৰিত ৫০ অভাৰত ৮টা উইকেট হেৰুৱাই ২৩০ ৰান সংগ্রহ কৰে৷ ১৭৮ ৰানতে ঘৰুৱা দলটোৱে ৭টাকৈ উইকেট হেৰুৱাই বিপদত পৰিছিল যদিও ৱেলালাগেই দর্শনীয় বেটিং দাঙি ধৰি সিংহলী বাহিনীক সন্তোষজনক স্থিতিত উপনীত কৰায়৷ ৱেলালাগেই ৬৭ ৰান কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে নিছানকাই ৫৬ ৰান কৰে৷ হাছাৰাংগাই ২৪ ৰান কৰে৷ ভাৰতৰ হৈ অর্শদীপ সিং আৰু অক্ষৰ পেটেল উভয়ে সর্বাধিক দুটাকৈ উইকেট লাভ কৰে৷

You might also like