আজি শ্রীলংকাৰে দ্বিতীয় এদিনীয়া ৰোহিত বাহিনীৰ
🔹 দলৰ বেটিঙক লৈ অসন্তুষ্ট অধিনায়ক
বিশেষ বাৰ্তা, ৪ আগষ্ট : শৃংখলাৰ প্রথমখন এদিনীয়া টাই ৰূপে সমাপ্ত হোৱাৰ পিছত আজি শ্রীলংকাৰ বিপক্ষে দ্বিতীয়খন এদিনীয়াত অৱতীর্ণ হ’ব ভাৰত৷ প্রশিক্ষক ৰূপে গৌতম গম্ভীৰে প্রথমটো টি–২০ শৃংখলাত বিজয়ী হোৱাৰ পাছত প্রথমখন এদিনীয়াত ব্যর্থ হয় দলটো৷ আজি মেচখনত জয়লাভ কৰি শৃংখলাত অগ্রগতি লাভ কৰিব বুলি আত্মবিশ্বাসী ভাৰতীয় অধিনায়ক ৰোহিত শর্মা৷ অৱশ্যে প্রথমখন মেচত দলৰ বেটাৰসকলৰ প্রদর্শনক লৈ হতাশ ৰোহিত৷ জয়লাভৰ বাবে ২৩১ ৰানৰ সহজ লক্ষ্য অতিক্রম কৰিবলৈ গৈ ভাৰতৰ ইনিংছ ৪৭.৫ অভাৰতে সমাপ্ত হয়৷ সহজ লক্ষ্য সত্ত্বেও ১ ৰান কৰিব নোৱাৰাৰ বাবে আক্ষেপ প্ৰকাশ কৰে অধিনায়কগৰাকীয়ে৷ উল্লেখ্য যে প্রথমখন মেচ টাই হোৱা বাবে এতিয়া বাকী থকা দুয়োখন মেচতে জয়লাভ কৰিলেহে ভাৰতে শৃংখলা দখল কৰিবলৈ সক্ষম হ’ব৷ আজিৰ মেচখনতো অসম-সন্তান ৰিয়ান পৰাগে স্থান পোৱাৰ সম্ভাৱনা কম !