নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রুতিৰ সৈতে নতুন ইনিংছ তাৰকা ক্ৰিকেটাৰ ভেংকটেশ আয়াৰৰ 

🔹 আইপিএলৰ খিতাপ জয়ৰ পিছতে যুগ্ম জীৱনৰ পাতনি

বিশেষ বাৰ্তা, ৩ জুন : মাত্র কেইদিনমান পূর্বে আইপিএলৰ খিতাপ জয়ৰ অংশীদাৰ হৈছে তেওঁ৷ ফাইনেলত ২৬টা বলত ৫২ ৰানৰ এটি দুর্দান্ত ইনিংছ খেলে ভেংকটেশ আয়াৰে৷ এইবাৰ খেলপথাৰৰ বাহিৰত নতুন ইনিংছ আৰম্ভ কৰিলে কলকাতা নাইট ৰাইডার্ছৰ তাৰকাগৰাকীয়ে৷ কালি পুৱাই তেওঁ যুগ্ম জীৱনৰ পাতনি মেলিলে শ্রুতি ৰঘুনাথনৰ সৈতে৷ উল্লেখ্য যে সদ্যসমাপ্ত আইপিএলত সুন্দৰ প্রদর্শন দাঙি ধৰা ভেংকটেশে মুঠ ৩৭০ ৰান কৰি কলকাতাৰ ট্রফী বিজয়ত মুখ্য ভূমিকা গ্রহণ কৰে৷ ফাইনেলত অর্ধশতৰান কৰাৰ লগতে প্লে–অফত তেওঁ খেলে এটি বিধ্বংসী ইনিংছ৷ ২০২১ চনৰ পৰা কলকাতা দলৰ সদস্য আছিল যদিও অৱশেষত এইবাৰ ট্রফীৰ সোৱাদ লাভ কৰে মধ্যপ্রদেশৰ বেটাৰগৰাকীয়ে৷ খেলপথাৰৰ সাফল্যৰ লগতে ব্যক্তিগত জীৱনতো নতুন ইনিংছ আৰম্ভ হ’ল ভেংকটেশৰ৷ যোৱা বছৰৰ নৱেম্বৰতে তেওঁ শ্রুতিৰ সৈতে বাগদান সম্পূর্ণ কৰিছিল৷ সামাজিক মাধ্যমত নিজেই এই সুখবৰ প্রকাশ কৰিছিল ভেংকটেশে৷ ইয়াৰ চাৰি মাহৰ পিছতে আৰম্ভ হয় আইপিএল৷ প্রতিযোগিতাখন শেষ হোৱাৰ পিছতে আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হয় তেওঁ৷ অৱশ্যে ক্রিকেটৰ সৈতে একেবাৰে জড়িত নহয় শ্রুতি৷ বেংগালুৰুৰ এটি কোম্পানীত চাকৰি কৰে তেওঁ৷ ইয়াৰ আগতে দিল্লীৰ এনআইএফটিৰ পৰা ফেশ্বন মেনেজমেণ্টত স্নাতকোত্তৰ পাঠ্যক্রম সম্পূর্ণ কৰে শ্রুতিয়ে৷ ভেংকটেশ আৰু শ্রুতিৰ বিয়াৰ ছবি সামাজিক মাধ্যমত প্রকাশ পোৱাৰ পিছতে ক্রিকেট অনুৰাগীসকলৰ মাজত উন্মাদনাৰ সৃষ্টি হয়৷ বহু অনুৰাগীয়ে তেওঁলোকক শুভেচ্ছাৰে উপচাই পেলায়৷ সতীর্থসকলেও নতুন জীৱনৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷

You might also like