ছামিৰ আতংকত ৩ মাহ বেট ধৰা নাছিল ষ্টিভ স্মিথে
নিউজ ডেস্ক, ৯ জুন : মহম্মদ ছামি ইংলেণ্ড ভ্রমণত নাই৷ কিন্তু দলত নাথাকিলেও চর্চাত আছে তেওঁ৷ ভাৰতীয় পেচাৰগৰাকীক লৈ স্মৃতি ৰোমন্থন কৰিলে অষ্ট্রেলিয়ান তাৰকা ষ্টিভ স্মিথে৷ তেওঁ দাঙি ধৰিলে ২০২৫ চনৰ চেম্পিয়নছ ট্রফীৰ ছেমিফাইনেলৰ কথা৷ ভাৰতৰ বিৰুদ্ধে সেই মেচখনত ৯৬টা বলত ৭৩ ৰান কৰিলেও ষ্টিভে দলক বিজয়ী কৰাব নোৱাৰিলে৷ মহম্মদ ছামিৰ এটা ফুল টছত ব’ল্ড হৈছিল তেওঁ৷ ষ্টিভৰ বিদায়ৰ লগে লগে অষ্ট্রেলিয়াৰ সকলো প্রতিৰোধ ভাগি পৰে৷ এই প্রসংগত স্মিথে এটি আন্তর্জাতিক ক্রিকেট ৱেবছাইটত লিখিছে – ‘মই সাধাৰণতে ঘৰৰ কোনো ঠাইত এখন বেট ৰাখোঁ৷ সেইখনেৰে মাজে মাজে কিছু সময়ৰ বাবে অনুশীলন কৰোঁ৷ কিন্তু ছেমিফাইনেলৰ পিছত মই কিছুদিনৰ বাবে বেট নধৰাৰ সিদ্ধান্ত লৈছিলোঁ৷ বিষয়টো উপভোগ্য আছিল৷ চেম্পিয়নছ ট্রফীত মহম্মদ ছামিৰ ফুল টছ মিছ কৰাৰ পিছত অন্ততঃ মই তিনি মাহ হাতেৰে বেট স্পর্শ কৰা নাছিলোঁ৷’ উল্লেখ্য যে ১১ জুনৰ পৰা আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ৷ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে খেলিব লগা মেচখনত খেলিবলৈ উন্মুখ হৈ আছে ষ্টিভ৷