নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাব জুনিয়ৰ ৰাষ্ট্রীয় ভলীবলত অসমৰ ছোৱালী ভলীবল দলৰ সহজ জয়

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰী: অসমৰ ছোৱালী ভলীবল দলটোৱে নতুন দিল্লীত চলি থকা ছাব জুনিয়ৰ ৰাষ্ট্রীয় ভলীবল প্রতিযোগিতাৰ নিজৰ দ্বিতীয়খন মেচত জয়লাভ কৰি সম্পূর্ণ পইণ্ট অর্জন কৰিছে৷ ৯ জানুৱাৰীলৈকে চলিবলগীয়া প্রতিযোগিতাখনৰ আজিৰ মেচখনত অসমে শক্তিশালী পঞ্জাবক ২৫–১০, ২৫–১১ আৰু ২৫–২৩ ছেটত পৰাস্ত কৰে৷ এই জয়ৰ বাবে দলটোক অভিনন্দন জনাইছে অসম ভলীবল সন্থাৰ সভাপতি সুশান্ত বিশ্ব শর্মাই৷ উল্লেখ্য যে মঙলবাৰে হৈ যোৱা প্রথমখন মেচত অসমৰ দলটো ৰাজস্থানৰ হাতত পৰাস্ত হৈছিল৷ ল’ৰা–ছোৱালী উভয় শাখাতে অনুষ্ঠিত প্রতিযোগিতাখনত অংশগ্রহণ কৰা অসম দলটো হ’ল– (ল’ৰা)– মনজিৎ ৰাজবংশী, বিবৃতি দাস, অমিত কুমাৰ ৰয়, হেমাংগ দাস, বৰুণ দেৱৰাভা, ৰিটিন বড়ো, জিষ্ণু পাঠক, গৌৰৱ ভূঞা, মনোৱাৰ আলী, পার্থপ্রতিম বৰা, কুতুবুদ্দিন আহমেদ আৰু লোকৰঞ্জন কোঁৱৰ৷ (ছোৱালী)– এন লেনথাং, চিন্ময়ী কলিতা, পপীতৰা কলিতা, প্রার্থনা গগৈ, জোনালী বড়ো, পল্লৱী ৰাভা, মূর্ছনা ডেকা, বিদিশা কলিতা, হাছিমা খাতুন, ভাগ্যলিপি গগৈ, প্রণালী দাস আৰু লখিমী মুৰাৰী৷

You might also like