নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুনীল চেত্রীৰ বর্ণিল কেৰিয়াৰৰ অন্তিমখন মেচত ড্র ভাৰতৰ

🔹 ফিফা বিশ্বকাপ কোৱালিফায়াৰত কুৱেইটৰে ভগালে পইণ্ট

বিশেষ বাৰ্তা, ৭ জুন : বর্ণিল কেৰিয়াৰৰ অন্তিমখন মেচত ভাৰতীয় দলক জয়ৰ সোৱাদ দিয়াৰ পৰা বঞ্চিত হয় অধিনায়ক সুনীল চেত্রী৷ ফিফা বিশ্বকাপ কোৱালিফায়াৰৰ কালি কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ ‘এ’ৰ দ্বিতীয় ৰাউণ্ডৰ মেচখনত ঘৰুৱা দল ভাৰতে কুৱেইটৰ বিপক্ষে গ’লশূন্যভাৱে ড্র খেলি পইণ্ট ভগাই লয়৷ কেৰিয়াৰৰ অন্তিম মেচখনত সুনীল চেত্রীক সতীর্থই জয়েৰে বিদায় জনোৱাৰ সংকল্প লৈছিল যদিও ব্যর্থ হয়৷ সহস্রাধিক দর্শকৰ উপস্থিতিত ভাৰতীয় দলটোৱে প্রথমৰ পৰাই উজ্জীৱিত খেল দাঙি ধৰিছিল যদিও বিপক্ষৰ ৰক্ষণ বিভাগক ভেদ কৰাত ব্যর্থ হৈছিল৷ কুৱেইটৰ গ’লবক্সলৈ ভাৰতীয় দলটোৱে তিনিটাকৈ শ্বট লৈছিল যদিও কার্যকৰী কৰাত ব্যর্থ হয়৷ কেৰিয়াৰৰ অন্তিমখন মেচত গ’ল স্ক’ৰ কৰাত ব্যর্থ হয় অধিনায়ক সুনীল চেত্রী৷ দ্বিতীয়ার্ধত ঘৰুৱা দলটোৱে আক্রমণৰ চোক বৃদ্ধি কৰিছিল যদিও সফলতাৰ মুখ নেদেখিলে৷ ভাৰতে এতিয়ালৈকে পাঁচখন মেচ খেলি ৫ পইণ্ট সংগ্রহ কৰি গ্রুপ ‘এ’ৰ পইণ্ট তালিকাত দ্বিতীয় স্থান অধিকাৰ কৰি আছে৷

You might also like