আজি ছানৰাইজার্ছৰে মুখামুখিঃ শক্তিশালী প্রত্যাৱর্তনৰ লক্ষ্য চেন্নাই ছুপাৰ কিংছৰ
নিয়মীয়া বাৰ্তা, ২ অক্টোবৰঃ একেৰাহে দুখন মেচত পৰাজয়ৰ সন্মুখীন হোৱা চেন্নাই ছুপাৰ কিংছে আজি আই পি এলত শক্তিশালী প্রত্যাৱর্তনৰ লক্ষ্যৰে ছানৰাইজার্ছ হায়দৰাবাদৰ মুখামুখি হ’ব৷ ডুবাইত অনুষ্ঠিত হ’বলগীয়া মেচখনত মহেন্দ্র সিং ধোনী নেতৃত্বাধীন দলটোলৈ উভতিব তাৰকা মিডল অর্ডাৰ বেটছমেন অম্বাটি ৰাইডু৷ উদ্বোধনী মেচত ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে মেচ উইনিং অর্ধশতক অর্জন কৰা বেটছমেনগৰাকীয়ে হেমষ্ট্রিঙৰ আঘাতৰ বাবে শেহতীয়া দুখন মেচ খেলিব পৰা নাছিল৷ অ’পেনাৰ মুৰুলী বিজয়ৰ স্থানত ৰাইডুক আজি মূল একাদশত স্থান দিয়াৰ সম্ভাৱনা আছে৷
ইফালে, ৱেষ্ট ইণ্ডিজৰ তাৰকা অভিজ্ঞ অলৰাউণ্ডাৰ ড’ৱেইন ব্রেভোও সুস্থ হৈ উঠিছে৷ কেৰিবিয়ান প্রিমিয়াৰ লীগত আঘাতৰ সন্মুখীন হোৱা তাৰকাগৰাকীয়ে চি এছ কেৰ হৈ এতিয়ালৈকে চলিত আই পি এলত খেলপথাৰত নমা নাই৷ অৱশ্যে তেওঁক মূল একাদশত স্থান দিয়াক লৈ সমস্যাৰ সন্মুখীন হ’ব চেন্নাই ছুপাৰ কিংছ৷ কিয়নো ব্রেভোৰ অনুপস্থিতিত সুযোগ লাভ কৰা ইংলেণ্ডৰ অলৰাউণ্ডাৰ ছাম কাৰেনে বিগত তিনিওখন মেচতে সুন্দৰ প্রদর্শনেৰে দলত একপ্রকাৰ স্থান নিশ্চিত কৰিছে৷ ইফালে, কেদাৰ যাদৱৰ দুর্বল ফর্মে ধোনী বাহিনীক চিন্তাত ৰাখিছে৷
আনহাতে একেৰাহে দুখন মেচত পৰাজয়ৰ পিছত শেহতীয়াকৈ জয়ৰ মুখ দেখা ছানৰাইজার্ছ হায়দৰাবাদে ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ নিউজিলেণ্ডৰ তাৰকা কেন উইলিয়ামছনৰ উপস্থিতিয়ে দলটোৰ মিডল অর্ডাৰক কিছু সুস্থিৰ কৰি তুলিছে যদিও ভাৰতৰ দুই উদীয়মান বেটছমেন প্রিয়ম গার্গ আৰু অভিষেক শর্মাৰ পৰা দলটোৱে আজি উন্নত প্রদর্শন আশা কৰিব৷ অধিনায়ক ডেভিদ ৱার্নাৰ আৰু জ’নী বেয়াৰষ্ট’ৱে শেহতীয়া মেচখনত সুন্দৰ প্রদর্শনেৰে ছানৰাইজার্ছ হায়দৰাবাদৰ শিবিৰলৈ উৎসাহ কঢ়িয়াই আনিছে৷ বলিঙতো দলৰ প্রত্যাশা পূৰণ কৰিছে মিডিয়াম পেচাৰ ভুবনেশ্বৰ কুমাৰ আৰু লেগ স্পীনাৰ ৰছিদ খানে৷
উল্লেখ্য যে শক্তিশালী দিল্লী কেপিটেলছক পৰাস্ত কৰি ছানৰাইজার্ছ হায়দৰাবাদে শেহতীয়াকৈ জয়ৰ ধাৰালৈ উভতিছে৷
খেলৰ সময়: সন্ধিয়া ৭.৩০ বজা৷