অভিষেকৰ দুর্দান্ত ১৪১ৰে ছানৰাইজার্ছৰ সহজ জয়
🔹 ২৪৫ ৰানৰ কৰিও ৮ উইকেটত পৰাস্ত পঞ্জাব
নিউজ ডেস্ক, ১৩ এপ্রিল : দুশৰো অধিক ৰান কৰি পৰাজয়ৰ সন্মুখীন হ’ল পঞ্জাব কিংছ৷ চলিত আইপিএলৰ কালি হায়দৰাবাদত অনুষ্ঠিত হাইস্ক’ৰিং মেচখনত পঞ্জাবে ছানৰাইজার্ছ হায়দৰাবাদৰ হাতত ৮ উইকেটত পৰাস্ত হয়৷ মেচখনত ছানৰাইজার্ছৰ জয়ৰ মূলতে হ’ল অভিষেক শর্মাৰ লগতে ট্রেভিছ হেডৰ বিস্ফোৰক বেটিং৷ পঞ্জাবে জয়ৰ বাবে বান্ধি দিয়া ২৪৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অভিষেক শর্মাৰ বিস্ফোৰক শতক আৰু ট্রেভিছ হেডৰ দর্শনীয় অর্ধশতকৰ সহায়ত ছানৰাইজার্ছে ১৮.৩ অভাৰতে দুটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ ইনিংছ মুকলি কৰিবলৈ আহি হেড আৰু অভিষেকে প্রথম উইকেটৰ যুটিত ১৭১ ৰান সংগ্রহ কৰি দলৰ জয়ৰ পথ প্রশস্ত কৰি তোলে৷ হেডে ৩৭টা বলত ৬৬ ৰান কৰি বিদায় লয় যদিও অভিষেকে মাৰমুখী বেটিঙেৰে ১৪১ ৰানৰ দুর্দান্ত ইনিংছ দলক উপহাৰ দিয়ে৷ অভিষেকৰ ৫৫টা বলৰ ইনিংছটোত আছিল ১৪টা চাৰি আৰু ১০টা ছয়৷ আউট হোৱাৰ পূর্বে অভিষেকে ক্লাছেনৰ সৈতে দ্বিতীয় উইকেটত ৫১ ৰান সংগ্রহ কৰি দলৰ জয় নিশ্চিত কৰি তুলিছিল৷ ক্লাছেনে ১৪টা বলত ২১ ৰান কৰি অপৰাজিত হৈ থাকে৷ উল্লেখ্য যে চলিত আইপিএলত তৃতীয়গৰাকী বেটাৰ হিচাপে শতক অর্জন কৰাৰ গৌৰৱ অর্জন কৰে অভিষেকে৷ অভিষেকৰ পূর্বে ঈশান কিষন আৰু প্রিয়াংশ আর্যই শতক অর্জন কৰিছিল৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি অধিনায়ক শ্রেয়াছ আয়াৰৰ দর্শনীয় অর্ধশতকৰ সহায়ত পঞ্জাব কিংছে নির্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ২৪৫ ৰান সংগ্রহ কৰে৷ প্রিয়াংশ আর্য আৰু প্রভছিমৰণ সিঙে প্রথম উইকেটৰ যুটিত ৬৬ ৰান সংগ্রহ কৰি পঞ্জাবক বিস্ফোৰক আৰম্ভণি দিয়ে৷ প্রিয়াংশে ১৩টা বলত ২টা চাৰি আৰু ৪টা ছয়েৰে ৩৬ ৰান কৰি বিদায় লয়৷ ইফালে প্রভছিমৰনে ২৩টা বলত ৭টা চাৰি আৰু ১টা ছয়েৰে ৪২ ৰানৰ গুৰুত্বপূর্ণ অৰিহণা আগবঢ়ায়৷ ইফালে, অধিনায়ক শ্রেয়াছে মাত্র ৩৬টা বলত ৬টা চাৰি আৰু সমসংখ্যক ছয়েৰে ৮২ ৰানৰ দুর্দান্ত ইনিংছ খেলি দলটোক সবল স্থিতিত উপনীত কৰায়৷ আয়াৰে নেহাল ৱাধেৰাৰ সৈতে তৃতীয় উইকেটত ৭৩ ৰান সংগ্রহ কৰে৷ ৱাধেৰাই ২৭ ৰান কৰি বিদায় লোৱাৰ পিছতেই শশাংক সিঙে ২ আৰু গ্লেন মেক্সৱেলে ৩ ৰান কৰি পেভিলিয়নমুখী হয়৷ অৱশ্যে শেষৰ পিনে মার্কাছ ষ্ট’ইনিছে ১১টা বলত ১টা চাৰি আৰু ৪টা ছয়েৰে অপৰাজিতভাৱে ৩৪ ৰান সংগ্রহ কৰি পঞ্জাবক শক্তিশালী স্থিতিত উপনীত কৰায়৷ ছানৰাইজার্ছ হায়দৰাবাদৰ হৈ হর্ষল পেটেলে সর্বাধিক ৪টা উইকেট লাভ কৰাৰ লগতে ঈশান মালিংগাই ২টা উইকেট লাভ কৰে৷