নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথমবাৰলৈ ছুপাৰ অভাৰ : ৰাজস্থানক হৰুৱাই শীর্ষস্থানলৈ দিল্লী

🔹 চলিত আইপিএলত পৰাজয়ৰ হেটট্রিক সঞ্জু ছেমছন বাহিনীৰ

নিউজ ডেস্ক, ১৭ এপ্রিল : প্রথমবাৰলৈ ছুপাৰ অভাৰ৷ চলিত আইপিএলৰ কালি নতুন দিল্লীত অনুষ্ঠিত শ্বাসৰুদ্ধকাৰী মেচখনত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক ছুপাৰ অভাৰত পৰাস্ত কৰে৷ ছুপাৰ অভাৰত ৰাজস্থানে ২ উইকেটত ১১ ৰান কৰাৰ প্রত্যুত্তৰত দিল্লীয়ে ৪টা বলত কোনো উইকেট নেহেৰুৱাকৈ জয়ৰ লক্ষ্যত উপনীত হয়৷ মেচখনত বিজয় সাব্যস্ত কৰি দিল্লীয়ে ৬খন মেচৰ পৰা ১০ পইণ্ট অর্জন কৰি পইণ্ট তালিকাৰ শীর্ষস্থানলৈ উন্নীত হয়৷ বিপৰীতে ৰাজস্থানৰ এয়া আছিল ক্রমাগত তৃতীয় পৰাজয়৷ দলটোৱে এতিয়ালৈকে ৭খন মেচ খেলি মাত্র দুখনতহে জয়ৰ মুখ দেখিছে৷ আজিৰ মেচখনত দিল্লীয়ে জয়ৰ বাবে বান্ধি দিয়া ১৮৯ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰ যশস্বী জয়ছোৱালৰ ৩৭ বলত ৫১ আৰু নীতিশ ৰাণাৰ ২৮ বলত ৫১ ৰানৰ সহায়ত ৰাজস্থানে নির্ধাৰিত ২০ অভাৰত ৪টা উইকেট হেৰুৱাই ১৮৮ ৰান কৰাত মেচখন টাই হয়৷ অধিনায়ক সঞ্জুৱে ৩১ ৰানত ৰিটায়ার্ড হার্ট হয়৷ ধ্রুৱ জুৰেলে ২৬ আৰু হেটমায়েৰে অপৰাজিত ১৫ ৰান কৰে যদিও ৰিয়ান পৰাগে মাত্র ৮ ৰানহে কৰে৷ ইয়াৰ পূর্বে ৰাজস্থান ৰয়েলছৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও ট্রিষ্টান ষ্টাবছ আৰু অধিনায়ক অক্ষৰ পেটেলৰ আক্রমণাত্মক বেটিঙৰ সহায়ত দিল্লী কেপিটেলছে নির্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৮৮ ৰান সংগ্রহ কৰে৷ দলীয় স্ক’ৰ ৩৪ ৰানত জেক ফ্রেজাৰ–মেকগার্গৰ ৰূপত দিল্লীয়ে প্রথমটো উইকেট হেৰুৱায়৷ জেক ফ্রেজাৰে মাত্র ৯ ৰান কৰি বিদায় লয়৷ জেক ফ্রেজাৰ আউট হোৱাৰ খন্তেক পিছতে কৰুণ নায়াৰে (০) ৰান আউট হৈ পেভিলিয়নমুখী হয়৷ সেই সময়ত দলটোৰ স্ক’ৰ আছিল ২ উইকেট ৩৪৷ অৱশ্যে আনগৰাকী অ’পেনাৰ অভিষেক প’ৰেলে লোকেশ ৰাহুলৰ সৈতে লগ লাগি তৃতীয় উইকেটত ৬৩ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় কিছু ৰোধ কৰে৷ ৰাহুলে ৩৮ ৰান কৰি বিদায় লয়৷ ইফালে, প’ৰেলে মাত্র ১ ৰানৰ বাবে অর্ধশতকৰ পৰা বঞ্চিত হয়৷ ব্যক্তিগত ৪৯ ৰানত হাছাৰাংগাৰ বলত ৰিয়ানৰ হাতত কেচ তুলি দি বিদায় লয় প’ৰেলে৷ ১০৫ ৰানত চাৰিটা উইকেট হেৰুৱাই পুনৰ বিপদত পৰিছিল যদিও ষ্টাবছৰ সৈতে লগ লাগি অক্ষৰ পেটেলে আক্রমণাত্মক বেটিঙেৰে দলক সবল স্থিতিত উপনীত কৰায়৷ অক্ষৰে ১৪টা বলত ৪টা চাৰি আৰু ২টা ছয়েৰে ৩৪ ৰান কৰি বিদায় লয় যদিও ষ্টাবছে ১৮টা বলত ৩৪ ৰান কৰি অপৰাজিত হৈ থাকে৷ আশুতোষ শর্মাই ১১টা বলত ১৫ ৰান কৰি নটআউট হৈ থাকে৷ ৰাজস্থানৰ হৈ জ’ফ্রা আর্চাৰে সর্বাধিক ২টা উইকেট লাভ কৰে৷

You might also like