নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শচীনৰ ১৫ বছৰীয়া অভিলেখ ভংগ, IPLত নতুন নজিৰ সূর্যকুমাৰৰ

শচীনৰ ১৫ বছৰীয়া অভিলেখ ভংগ, IPLত নতুন নজিৰ সূর্যকুমাৰৰ

নিউজ ডেস্ক, ২৮ মে’ : আইপিএলৰ লীগ পর্বৰ নিজৰ অন্তিম মেচখনত জয়লাভ কৰিব নোৱাৰিলে মুম্বাই ইণ্ডিয়ানছে৷ কিন্তু এই মেচখনত নতুন অভিলেখ গঢ়ে সূর্যকুমাৰ যাদৱে৷ ইয়াৰ ফলত তেওঁ অতিক্রম কৰে শচীন তেণ্ডুলকাৰক৷

চলিত প্রতিযোগিতাখনত সুন্দৰ ছন্দত থকা সূর্যই পঞ্জাবৰ বিৰুদ্ধে ৩৯টা বলত ৫৭ ৰান কৰে৷ ফলত, এই বছৰ আইপিএলত তেওঁৰ ৰানৰ সংখ্যা হয়গৈ ৬১৯৷ ইয়াৰ পূর্বে মুম্বাই ইণ্ডিয়ানছৰ হৈ এটা ছিজনত সর্বোচ্ছ ৰান কৰিছিল শচীনে৷ ২০১০ চনত কিংবদন্তি ক্রিকেটাৰগৰাকীয়ে আইপিএলত ৬১৮ ৰান কৰিছিল৷ সেই ১৫ বছৰ পুৰণি অভিলেখ ভংগ কৰে সূর্যকুমাৰে৷

মুম্বায়ে ফাইনেল খেলিলে সূর্যৰ হাতত আৰু তিনিখন মেচ থাকিব৷ সেয়া সম্ভৱ হ’লে ভাৰতৰ টি–২০ৰ অধিনায়কগৰাকীয়ে গুজৰাটৰ সাই সুদর্শন আৰু শুভমন গিলক প্রত্যাহ্বান জনাব পাৰিব৷ অৱশ্যে ইয়াৰ পূর্বেও ২০২৩ চনত ৬০০ ৰানৰ গণ্ডী অতিক্রম কৰিছিল সূর্যকুমাৰে৷ সেইবাৰ ১৬খন মেচত তেওঁ ৬০৫ ৰান কৰিছিল৷

এইবাৰ ১৪খন মেচৰ পৰা আহিছে ৬১৯ ৰান৷ মুম্বাইৰ হৈ শচীনে ২০১১ চনত ৫৫৩ ৰান, ২০১৩ চনত ৰোহিত শর্মাই ৫৩৮ ৰান আৰু ২০১৫ চনত লেণ্ডল চিমনছে ৫৪০ ৰান কৰিছিল৷ এইবাৰ সূর্যকুমাৰে ১৪খন মেচ খেলি ৫টা অর্ধশতৰান অর্জন কৰিছে৷ তেওঁ সর্বাধিক ৭৩ ৰানৰ অপৰাজিত ইনিংছ খেলি মুম্বাইক প্লেফত উপনীত কৰায়৷

You might also like