সর্বকনিষ্ঠ হিচাপে আইপিএলত অভিষেক বৈভৱ সূর্যবংশীৰ
🔹 মেগা নিলামত ১৪ বছৰীয়া বৈভৱক এক কোটি দহ লাখ টকাত ক্রয়
নিউজ ডেস্ক, ২০ এপ্রিল : সর্বকনিষ্ঠ খেলুৱৈ হিচাপে আইপিএলত অভিষেক ঘটিল ৰাজস্থান ৰয়েলছৰ বৈভৱ সূর্যবংশীৰ৷ চলিত আইপিএলৰ কালি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিপক্ষে খেলা মেচখনত অভিষেক ঘটে ১৪ বছৰীয়া বৈভৱৰ৷ ২০০৮ চনৰ পৰা আৰম্ভ হোৱা আইপিএলত কালি অভিষেক ঘটা বৈভৱৰ জন্ম হৈছিল ২০১১ চনত৷ ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমছনৰ স্থানত বৈভৱক অন্তর্ভুক্ত কৰা হয়৷ আঘাতৰ বাবে সঞ্জুৱে কালিৰ মেচখনত অংশগ্রহণ কৰাৰ পৰা বিৰত থাকে৷ ভাৰপ্রাপ্ত অধিনায়ক ৰিয়ান পৰাগে টছ কৰিবলৈ আহি কয় যে বৈভৱ সূর্যবংশীক ইমপেক্ট প্লেয়াৰ হিচাপে দলত অন্তর্ভুক্ত কৰা হৈছে৷ প্রথম অৱস্থাত দলটোৰ মূল একাদশত বৈভৱক স্থান দিয়াৰ কথা আছিল যদিও লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লোৱাত বৈভৱক ইমপেক্ট প্লেয়াৰ হিচাপে ৰখাৰ সিদ্ধান্ত লোৱা হয়৷ উল্লেখ্য যে আইপিএলৰ মেগা নিলামত ৰাজস্থান ৰয়েলছে বৈভৱ সূর্যবংশীক এক কোটি দহ লাখ টকাত ক্রয় কৰিছিল৷