নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃবিশ্ববিদ্যালয় কাৰাটে চেম্পিয়নশ্বিপত স্বেতা হাজৰিকাৰ ব্ৰঞ্জ

বিশেষ বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ হাৰিয়ানাৰ ৰোহটাকৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় আন্তঃ বিশ্ববিদ্যালয় কাৰাটে চেম্পিয়নশ্বিপত মৰিয়নিৰ সুদক্ষ কাৰাটে খেলুৱৈ স্বেতা হাজৰিকাই ব্ৰঞ্জৰ পদক দখল কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ৰ ড° মংগল সেন মাল্টিপাৰপ’জ জিমনেছিয়াম হলত অনুষ্ঠিত সৰ্বভাৰতীয় প্ৰতিযোগিতাখনৰ কুমিটে শাখাত স্বেতাই এই পদক অৰ্জন কৰিবলৈ সক্ষম হয়। মহিলাৰ ব্যক্তিগত ৫৫ কেজি শাখাত স্বেতাই এই পদক আজুৰি আনে। ইয়াৰ লগতে স্বেতাই আগন্তুক খেলো ইণ্ডিয়াৰ ইউনিভাৰ্ছিটি গেমছত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰিছে। স্বেতাই গুৱাহাটীৰ আসাম চাইন্স এণ্ড টেকন’লোজী ইউনিভাৰ্ছিটিক চমুকৈ এ এছ টি ইউ প্ৰতিনিধিত্ব কৰিছিল। উল্লেখযোগ্য যে, আন্তঃ বিশ্ববিদ্যালয় কাৰাটে চেম্পিয়নশ্বিপত স্বেতাই প্ৰথমগৰাকী প্ৰতিযোগী হিচাপে এ এছ টি ইউলৈ পদক কঢ়িয়াই আনিলে। স্বেতা বৰ্তমান গুৱাহাটীৰ আসাম ইঞ্জিনিয়াৰিং কলেজ চমুকৈ এ ই চিৰ চিভিল ইঞ্জিনিয়াৰিঙৰ বি. টেকৰ দ্বিতীয় ষন্মাসিকৰ ছাত্ৰী। মৰিয়নিৰ নকছাৰি দেবেৰাপাৰ গাঁ‌ৱৰ নিবাসী যুৱ ব্যৱসায়ী নজৰুল হাজৰিকা আৰু নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী পল্লবী হাজৰিকাৰ কন্যা স্বেতা এগৰাকী সুদক্ষ এথলীটো। মেধাৰ লগতে এগৰাকী ৰাষ্ট্ৰীয় সুদক্ষ কাৰাটে খেলুৱৈ স্বেতা হাজৰিকাই মৰিয়নি মাৰ্চিয়েল আৰ্ট এছ’চিয়েচনৰ মুখ্য প্ৰশিক্ষক ত্ৰিদীপ গগৈৰ তত্বাৱধানত কাৰাটেৰ প্ৰশিক্ষণ লৈ আছে। তেওঁৰ সফলতাই মৰিয়নিবাসীক আনন্দিত কৰি তুলিছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like