নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি-২০ বিশ্বকাপ : আঘাতপ্ৰাপ্ত বুমৰাহৰ ঠাইত মহম্মদ ছামি

বিশেষ বাৰ্তা, ১৪ অক্টোবৰঃ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে আঘাতপ্ৰাপ্ত যশপ্ৰীত বুমৰাহক সলনি কৰাৰ কথা ঘোষণা কৰিছে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। টি-২০ বিশ্বকাপত বুমৰাহৰ ঠাইত খেলিব প্ৰবীণ বেগী বলাৰ মহম্মদ ছামীয়ে। ইয়াৰ লগতে মহম্মদ চিৰাজ আৰু শাৰ্দুল ঠাকুৰক ৰিজাৰ্ভ খেলুৱৈৰ তালিকাত স্থান দিয়া হৈছে। টি-২০ বিশ্বকাপৰ বাবে বিচিচিআইয়ে নিজৰ অন্তিম ১৫গৰাকী খেলুৱৈৰ তালিকা আইচিচিলৈ প্ৰেৰণ কৰিছে। অক্টোবৰৰ প্ৰথম সপ্তাহতে নিজেই স্পষ্ট হৈ পৰিছিল যে কঁকালৰ বিষৰ বাবে বুমৰাহে টি-২০ বিশ্বকাপৰ অংশ লব নোৱাৰিব। বুমৰাহৰ ঠাইত মহম্মদ ছামীৰ নামে আগত আছিল। কিন্তু মহম্মদ ছামীৰ মেচ ফিটনেছক লৈ প্ৰশ্ন উত্থাপন হৈছিল। আচলতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পূৰ্বে ছামীৰ কোভিড পজিটিভ পোৱা গৈছিল। ইয়াৰ পিছতে নেচনেল ক্ৰিকেট একাডেমীত নিজৰ ফিটনেছৰ কাম কৰিব লগা হৈছিল ছামিয়ে দুদিন পূৰ্বে অষ্ট্ৰেলিয়ালৈ যোৱাৰ অনুমতি লাভ কৰিছিল। বিচিচিআয়েও সংৰক্ষিত খেলুৱৈৰ তালিকাত দুটা পৰিৱৰ্তন কৰিছে। মহম্মদ ছামি মূল দলত অন্তৰ্ভুক্ত হোৱাৰ উপৰি আঘাতৰ বাবে দীপক চাহাৰে অষ্ট্ৰেলিয়ালৈ যাব নোৱাৰিলে। গতিকে ৰিজাৰ্ভ খেলুৱৈৰ দুখন আসন খালী কৰা হ’ল। এতিয়া ৰিজাৰ্ভ খেলুৱৈৰ তালিকাত মহম্মদ ছামিৰ স্থান দিয়া হৈছে মহম্মদ চিৰাজক। আনহাতে দীপক চহৰৰ ঠাইত শাৰ্দুল ঠাকুৰৰ নাম ঘোষণা কৰা হৈছে। ইয়াৰ বাহিৰেও ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ১৫গৰাকী খেলুৱৈৰ তালিকাত অন্য কোনো পৰিৱৰ্তন কৰা নাই। আইচিচিৰ অনুমতি সাপেক্ষে ১৫ অক্টোবৰলৈকে বিশ্বকাপৰ বাবে দল সলনি কৰিব পৰা যাব। বিশ্বকাপৰ বাবে ১৫গৰাকী খেলুৱৈৰ চূড়ান্ত তালিকা ১৪ অক্টোবৰত নিজেই আইচিচিলৈ প্ৰেৰণ কৰিছে বিচিচিআইয়ে।

You might also like