অন্তিম টেষ্টৰ পূৰ্বে ক’ভিড ভেকছিনৰ প্ৰথমটো ড’জ ল’লে ৰবি শাস্ত্ৰীয়ে; প্ৰকাশ কৰিলে অভিজ্ঞতা
নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ বৃহস্পতিবাৰে আহমেদাবাদত ইংলেণ্ডৰ সৈতে চূড়ান্ত টেষ্টত নামিব বিৰাট কোহলী নেতৃত্বাধীন টীম ইণ্ডিয়াই। ইতিমধ্যে শৃংখলাটো ২-১ত অগ্ৰগতি লাভ কৰিছে ঘৰুৱা দলটোৱে। তাৰপূৰ্বে ভাৰতীয় দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে মাৰাত্মক ক’ৰোনা ভাইৰাছৰ পৰা সুৰক্ষিত থাকিবলৈ ভেকছিনৰ প্ৰথম ড’জ গ্ৰহণ কৰে।
এক টুইটত শাস্ত্ৰীয়ে কয়, “মই ক’ভিড-১৯ ভেকছিনৰ প্ৰথম ড’জ ল’লো। মহামাৰীৰ বিৰুদ্ধে ভাৰতক শক্তিশালী কৰি তোলাৰ বাবে মই স্বাস্থ্যকৰ্মী আৰু গৱেষকসকলক ধন্যবাদ জনাইছো। তেওঁ ভেকছিন লোৱাৰ এখন ছবিও পোষ্ট কৰিছে।”
Got the first dose of COVID-19 vaccine. Thank you to the amazing medical professionals & scientists for empowering India ?? against the pandemic.
Extremely impressed with the professionalism shown by Kantaben & her team at Apollo, Ahmedabad in dealing with COVID-19 vaccination pic.twitter.com/EI29kMdoDF
— Ravi Shastri (@RaviShastriOfc) March 2, 2021