নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইতিবাচক খবৰঃ হ্ৰাস পাব পাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য

নিয়মীয়া বাৰ্তা ২ মাৰ্চঃ অতি শীঘ্ৰে দেশত হ্ৰাস পাব পাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য । পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক হ্ৰাস হ’ব পাৰে ভাৰতত৷ এই সিদ্ধান্ত লোৱাৰ কথা চিন্তা-চৰ্চা কৰিছে ভাৰতৰ বিত্ত মন্ত্ৰালয়ে৷ ভাৰতত আকাশলম্ভী পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ মাজতে এতিয়া কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে আবকাৰী শুল্ক হ্ৰাস কৰা বিকল্পৰ ওপৰত বিবেচনা কৰি আছে৷

উল্লেখ্য যে বিগত ১০ মাহত তেলৰ মূল্য দুগুণ বৃদ্ধি কৰি সৰ্বসাধাৰণক মাধমাৰ সোধাইছিল। যাৰ ফলত সাধাৰণ ৰাইজে পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা মূল্যৰ প্ৰায় ৬০% কৰ আৰু শুল্ক পৰিশোধ কৰিবলগীয়া হৈছে৷ কৰোনা মহামাৰীয়ে ভাৰতৰ অৰ্থিক কাৰ্য-কলাপক বাৰুকৈ আঘাত কৰিছিল৷ আৰু এনে সময়তেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে বিগত ১২মাহত পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত দুবাৰ কৰ বৃদ্ধি কৰিছিল৷ যাৰ ফলত যোৱা বছৰ উপভোক্তাসকলকে তেলৰ মূল্য দুগুন পৰিশোধ কৰিবলগীয়া হয়৷

বিভিন্ন সূত্ৰত প্ৰকাশ যে মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বিত্ত মন্ত্ৰালয়ে এতিয়া কৰ হ্ৰাস কৰা সম্পৰ্কত বিবেচনা কৰিবলৈ বিভিন্ন ৰাজ্য, তেল কোম্পানী আৰু তেল মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰি আছে। সূত্ৰসমূহৰ মতে কেন্দ্ৰই এইটোও চাব লাগিব যে, কৰ হ্ৰাস কৰাৰ দ্বাৰা ইয়াৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ নপৰে যাতে।

You might also like