প্রশিক্ষক গম্ভীৰৰ তত্ত্বাৱধানত অনুশীলন টীম ইণ্ডিয়াৰ
🔹 ২৭ জুলাইৰ পৰা কলম্বোত টি–২০ শৃংখলা
বিশেষ বাৰ্তা, ২৪ জুলাই : তিনিখন টি–২০ মেচত অংশ লোৱাৰ উদ্দেশ্যে সূর্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটো সোমবাৰে শ্রীলংকাত উপস্থিত হৈছে৷ দুয়ো দেশৰ মাজৰ টি–২০ শৃংখলাটো ২৭ জুলাইৰ পৰা কলম্বোত অনুষ্ঠিত হ’ব৷ শ্রীলংকাত উপস্থিত হৈয়ে নৱনিযুক্ত প্রশিক্ষক গৌতম গম্ভীৰৰ তীক্ষ্ণ নজৰত ভাৰতীয় দলটোৱে অনুশীলনত ভাগ লয়৷ ভাৰতীয় দলটোৰ খেলুৱৈসকলে অনুশীলনত ভাগ লোৱাৰ ফটো ছ’চিয়েল মিডিয়াত আপলোড কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ মন কৰিবলগীয়া যে ভাৰতীয় দলটোৰ মুখ্য প্রশিক্ষক হিচাপে দায়িত্ব লাভ কৰাৰ পিছত প্রথমটো শৃংখলাত ভাগ ল’ব টীম ইণ্ডিয়াই৷ এই শৃংখলাটো অধিনায়ক সূর্যকুমাৰ যাদৱ আৰু নৱনিযুক্ত মুখ্য প্রশিক্ষক গৌতম গম্ভীৰৰ বাবে অগ্ণি পৰীক্ষাস্বৰূপ হ’ব৷ বিৰাট কোহলি আৰু ৰোহিত শর্মাই টি–২০ৰ পৰা অৱসৰ লোৱাৰ পিছত দুয়োগৰাকীৰ স্থানত মূল একাদশত কোন খেলুৱৈক অন্তর্ভুক্ত কৰিব, সেই বিষয়টোক লৈ দোমোজাত পৰাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ প্রথমখন মেচ ২৭ জুলাইত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচ ২৮ জুলাইত আৰু তৃতীখন মেচ ৩০ জুলাইত অনুষ্ঠিত হ’ব৷ ইপিনে, টি–২০ শৃংখলাটো সমাপ্তিৰ পিছতে ভাৰতীয় দলটোৱে সিংহলী বাহিনীৰে তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাত ভাগ ল’ব আৰু শৃংখলাটো ২–৭ আগষ্টলৈ অনুষ্ঠিত হ’ব৷