কাইলৈ বিশ্বকাপত অভিযান আৰম্ভ টীম ইণ্ডিয়াৰ
🔹 তিনি স্পীনাৰক লৈ অষ্ট্রেলিয়া বধৰ পৰিকল্পনা
বিশেষ বাৰ্তা, ৭ অক্টোবৰ : এছিয়া কাপত চেম্পিয়ন হোৱাৰ পিছত অষ্ট্রেলিয়াৰ বিৰুদ্ধে ২–১ ব্যৱধানত অর্জন কৰিছিল এদিনীয়া শৃংখলা৷ এই সফলতাই টীম ইণ্ডিয়াৰ আত্মবিশ্বাস বৃদ্ধি কৰিলেও অতীতৰ প্রদর্শনক লৈ ভাবিবলৈ সাজু নহয় ৰোহিত শর্মা৷ বৰং চেন্নাইৰ চেপক ষ্টেডিয়ামত পেট কামিনছৰ দলৰ বিৰুদ্ধে তিনিগৰাকী স্পীনাৰক লৈয়ে নামিব ৰোহিত শর্মাৰ দল! উল্লেখ্য যে চলিত বিশ্বকাপত কাইলৈ অষ্ট্রেলিয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব ভাৰতে৷ এই অভিযান আৰম্ভ কৰাৰ পূর্বে সেই ইংগিতেই দিলে অধিনায়ক ৰোহিত শর্মাই৷ বিশ্বকাপ যুদ্ধৰ প্রাকমুহূর্তত অনুষ্ঠিত সংবাদ মেলত ৰোহিতে কয় যে চেপকৰ পিটছ স্পীনাৰসকলৰ ভূ–স্বর্গ৷ সেইবাবে ষ্টিভ স্মিথ, ডেভিদ ৱার্নাৰহঁতক বশ কৰিবৰ বাবে তিনিগৰাকী স্পীনাৰ ক্রমে ৰবিচন্দ্রন অশ্বিন, ৰবীন্দ্র জাদেজাৰ লগতে কুলদীপ যাদৱক দেখা যাব পাৰে৷ এই প্রসংগত ৰোহিতে কয়– আমাৰ দলত যি ভাৰসাম্য আছে, তালৈ লক্ষ্য কৰি তিনিগৰাকী স্পীনাৰ খেলপথাৰত নমাব পাৰি৷ কাৰণ হার্দিক কেৱল অলৰাউণ্ডাৰেই নহয়, এজন পূর্ণাংগ পেচ বলাৰ হিচাপেও নিজকে প্রমাণিত কৰিছে৷ অৱশ্যে আঘাতৰ বাবে কাইলৈৰ মেচখনত অনিশ্চয়তাত আছে পাণ্ডিয়াৰ লগতে শুভমন গিল৷ ডেংগীত আক্রান্ত শুভমন গিল অনিশ্চিত হৈ পৰাৰ বিপৰীতে অনুশীলনৰ সময়ত আঘাত পাইছে পাণ্ডিয়াই৷ বৃহস্পতিবাৰে নেটত বলিং কৰাৰ সময়ত আঙুলিত আঘাত পায় অলৰাউণ্ডাৰগৰাকীয়ে৷ অৱশ্যে দলৰ মেনেজমেণ্টে তেওঁলোকক এতিয়াও দলৰ পৰা বাদ দিয়া নাই৷ উল্লেখ্য যে অক্ষৰ পেটেলে আঘাত পোৱা বাবে দলত অন্তর্ভুক্ত হৈছে অভিজ্ঞ অফস্পীনাৰ অশ্বিন৷ তদুপৰি চেপকত বল হাতত লৈ জাদেজাই কেনে প্রদর্শন দাঙি ধৰে, সেয়া ইতিমধ্যে ক্রিকেট অনুৰাগীয়ে জানিব পাৰিছে৷ বিগত এছিয়া কাপত দর্শনীয় প্রদর্শন দাঙি ধৰা জাদেজা সমন্বিতে তিনিগৰাকী বিশেষজ্ঞ স্পীনাৰেৰে অষ্ট্রেলিয়া বধ কৰিব বিচাৰিছে ভাৰতে৷ খেলৰ সময় : দিনৰ ২ বজা৷