টীম ইণ্ডিয়াৰ বাবে একপ্ৰকাৰ অস্তমিত WTCৰ ফাইনেলৰ পথ!
নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ডিচেম্বৰঃ শ্রীলংকাৰ বিপক্ষে ২–০ত টেষ্ট শৃংখলা দখল কৰাৰ পিছত দক্ষিণ আফ্রিকাই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ শীর্ষস্থানলৈ উন্নীত হৈছে৷ তালিকাত অষ্ট্রেলিয়া দ্বিতীয় আৰু ভাৰত তৃতীয় স্থানত আছে৷ এতিয়া এই তিনিটা দলৰ মাজত ফাইনেলত প্রৱেশৰ দৌৰ তীব্রতৰ হৈ পৰিছে৷ এইক্ষেত্রত দক্ষিণ আফ্রিকাৰ সম্ভাৱনা অধিক হৈ পৰিছে৷ বর্তমান দক্ষিণ আফ্রিকা ৬৩.৩৩ শতাংশ পইণ্টেৰে পইণ্ট তালিকাৰ শীর্ষস্থানত থকাৰ বিপৰীতে দ্বিতীয় স্থানত থকা অষ্ট্রেলিয়াৰ পইণ্ট ৬০.৭১ আৰু তৃতীয় স্থানত থকা ভাৰতৰ শতাংশ পইণ্ট ৫৭.২৯৷ দক্ষিণ আফ্রিকাই এতিয়া মাত্র পাকিস্তানৰ বিৰুদ্ধে ২খন টেষ্ট খেলিবলৈ আছে৷ ভাৰতে আটাইকেইখন মেচত জয়লাভ কৰিলে অষ্ট্রেলিয়াই শ্রীলংকাৰ বিপক্ষে শৃংখলাত জয়ী হ’লেও ফাইনেলত প্রৱেশ কৰিব নোৱাৰে৷ আনহাতে, ভাৰতে চলিত শৃংখলা ৩–১ৰব্যৱধানত জয়লাভ কৰিলে ৬০.৫২ পহণ্ট লাভ কৰিব৷ চলিত শৃংখলা ড্র ৰূপে সামৰণি পৰিলে ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হ’ব ভাৰত৷ পাকিস্তানৰ বিৰুদ্ধে এই শৃংখলাত জয়ী হ’লে বা ড্র হ’লেও দক্ষিণ আফ্রিকাৰ ফাইনেলত স্থান নিশ্চিত হ’ব৷ আনহাতে, পৰাস্ত হ’লেও দলটোৰ ফাইনেলৰ সম্ভাৱনা থাকিব৷ এইক্ষেত্রত দলটোৱে অৱশ্যে ভাৰত আৰু অষ্ট্রেলিয়াৰ ওপৰত নির্ভৰশীল হ’ব৷ আনহাতে, ভাৰতে যদি অষ্ট্রেলিয়াৰ বিৰুদ্ধে বাকী থকা তিনিখন টেষ্টত জয়লাভ কৰে, তেতিয়া ৬৪.০৫ পইণ্ট লাভেৰে অষ্ট্রেলিয়াক অতিক্রমি ভাৰতে ফাইনেলত প্রৱেশৰ পথ মুকলি কৰিব৷ ফাইনেলত স্থান নিশ্চিত কৰিবলৈ হ’লে ভাৰতে অন্তিম তিনিখন টেষ্টত দুখনত জয় আৰু এখনত ড্র ৰাখিব লাগিব৷ এখন মেচত পৰাস্ত হ’লেও ভাৰতৰ ফাইনেলৰ আশা ভংগ হ’ব পাৰে৷ অৱশ্যে ৩–২ ব্যৱধানত শৃংখলা জয় কৰিব পাৰিলেও ভাৰতৰ বাবে কিঞ্চিত আশা থাকিব৷ এইক্ষেত্রত অষ্ট্রেলিয়া আৰু শ্রীলংকাৰ শৃংখলাই ভাগ্য নির্ণয় কৰিব ভাৰতৰ৷