নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা ছিডনী টেষ্টঃ জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্য ভাৰতৰ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ মেলব’নত অনুষ্ঠিত ঐতিহাসিক বক্সিং ডে’ টেষ্টত দুর্দান্ত জয়েৰে আত্মবিশ্বাসী হৈ থকা টীম ইণ্ডিয়াই সফলতাৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে অহা বৃহস্পতিবাৰৰ পৰা তৃতীয় টেষ্টত অৱতীর্ণ হ’ব৷ ছিডনী ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত হ’বলগীয়া গুৰুত্বপূর্ণ মেচখনতো ভাৰতীয় দলত কেইবাটাও সালসলনি দেখিবলৈ পোৱাটো নিশ্চিত হৈছে৷ বিশেষকৈ, দুর্বল ফর্মত ভুগি থকা অ’পেনাৰ মায়ংক আগৰৱালৰ স্থানত তাৰকা অ’পেনাৰ ৰোহিত শর্মাই টেষ্ট দললৈ প্রত্যাৱর্তন ঘটোৱাটো একপ্রকাৰ নিশ্চিত৷ আঘাতৰ বাবে লোকেশ ৰাহুল শৃংখলাৰ পৰা বাহিৰ হোৱাৰ পিছত ৰোহিত অ’পেনাৰৰ ৰূপত খেলপথাৰত নামিব৷

উল্লেখ্য যে বিগত আঠটা টেষ্ট ইনিংছত অ’পেনাৰ মায়ংকে দীঘলীয়া ইনিংছ খেলিব পৰা নাই৷ অষ্ট্রেলিয়াৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাতো তেওঁৰ শোচনীয় ফর্ম অব্যাহত আছে৷ সেয়ে তেওঁক তৃতীয় টেষ্টৰ পৰা বাদ দি ৰোহিতক অন্তর্ভুক্ত কৰিবলৈ সাজু হৈছে টীম ইণ্ডিয়া৷ অৱশ্যে আঘাতৰ বাবে শৃংখলাৰ পৰা বাহিৰ হোৱা তাৰকা বেগী বলাৰ উমেশ যাদৱৰ স্থানত কাক অন্তর্ভুক্ত কৰিব সেয়া এতিয়াও নিশ্চিত কৰিব পৰা নাই দলীয় মেনেজমেণ্টে৷ আৰম্ভণিতে শার্দূল ঠাকুৰৰ নাম চর্চালৈ আহিছিল যদিও দলৰ একাংশ জ্যেষ্ঠ খেলুৱৈয়ে নৱাগত তাৰকা নৱদীপ ছাইনীৰ পক্ষত থিয় দিছে৷ ছিডনীৰ গতিময় উইকেটত ছাইনীৰ তীব্র গতিসম্পন্ন বলে অষ্ট্রেলিয়ান বেটছমেনক সমস্যাত পেলাব বুলি তেওঁলোকে যুক্তি দর্শাইছে৷ এদিনীয়া আৰু টি–২০ত চমকপ্রদ বলিং প্রদর্শন দাঙি ধৰা ছাইনীয়ে এতিয়ালৈকে টেষ্ট ক্রিকেটত খেলাৰ সুযোগ পোৱা নাই৷ অৱশ্যে শেষ মুহূর্তত দলে নৱাগত বাঁওহতীয়া বেগী বলাৰ টি নটৰাজনৰ ওপৰতো আস্থা প্রদর্শন কৰিব পাৰে৷

You might also like