নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি তিৱা পাৰিষদৰ শপত গ্রহণ

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ মৰিগাঁও নগৰৰ পবিতৰা হাট প্রেক্ষাগৃহত আজিৰ দিনৰ ১১ বজাত চৰকাৰীভাৱে অনুষ্ঠিত হ’ব তিৱা স্বায়ত্তশাসিত পৰিষদৰ নৱনির্বাচিত পাৰিষদসকলৰ শপতগ্রহণ অনুষ্ঠান৷ ইয়াৰ সমান্তৰালভাৱে দিনটোত নতুন মুখ্য কার্যবাহী সদস্যৰ নাম ঘোষণা হোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে ইতিহাস সৃষ্টি কৰি তিৱা নির্বাচনত পৰিষদৰ অকলেই ৩৩খন আসন দখল কৰে৷ আত্মবিশ্বাসৰ তুংগত থকা বিজেপিয়ে আজি শপতগ্রহণৰ পিছতে মৰিগাঁও স্কুল খেলপথাৰত এখন বিশাল জনসভা আয়োজন কৰিছে, য’ত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্ত আৰু স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত থকাৰ কথা৷ প্রায় ৫০ হাজাৰ লোকৰ উপস্থিতিৰে বিজেপিয়ে আজি মধ্য অসমত শক্তি প্রদর্শনৰ চেষ্টা চলাব৷ উল্লেখ্য, শপতগ্রহণ অনুষ্ঠানত ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰী উপস্থিত থাকিব৷ আনহাতে, মুখ্য কার্যবাহী সদস্য পদৰ বাবে একাধিক নির্বাচিত পাৰিষদৰ নাম ওলাই আছে যদিও বিজেপিয়ে এই বাতৰি লিখাৰ পৰলৈ কোনো নাম আনুষ্ঠানিকভাৱে প্রকাশ কৰা নাই৷

You might also like