ভাৰতৰে টেষ্ট শৃংখলা : ৰান্ধনী লৈ আহিব ইংলেণ্ড দলে
বিশেষ বাৰ্তা, ৬ জানুৱাৰী : টীম ইণ্ডিয়াৰ বিপক্ষে পাঁচখন টেষ্ট মেচত অংশ লোৱাৰ উদ্দেশ্যে চলিত মাহৰ শেষৰ ফালে ভাৰতলৈ আহিব বেন ষ্ট’কছ নেতৃত্বাধীন ইংলেণ্ড ক্রিকেট দলটো৷ ভাৰত ভ্রমণৰ সময়ত ষ্ট’কছ বাহিনীৰ সৈতে থাকিব এজন বিশেষ ব্যক্তি৷ তেওঁৰ নাম ওমৰ মেজিয়ান৷ পেছাত তেওঁ ৰান্ধনী৷ ভাৰত ভ্রমণৰ সময়ত সুস্থ হৈ থকাৰ বাবে ইংলেণ্ড দলটোৰ খেলুৱৈসকল মেজিয়ানৰ ৰন্ধন প্রণালীৰ ওপৰত নির্ভৰ কৰিব৷ ইংলিছ প্রিমিয়াৰ লীগৰ ক্লাব মানচেষ্টাৰ ইউনাইটেড ফুটবল দলৰ ৰান্ধনী হিচাপে পৰিচিত মেজিয়ান৷ তেওঁ ইংলেণ্ড ক্রিকেট দলটোৰ লগতো কাম কৰিছিল৷ ২০২২ চনৰ ডিচেম্বৰত মেজিয়ানে ষ্ট’কছ বাহিনীৰ সৈতে পাকিস্তান ভ্রমণ কৰিছিল৷ ইংলেণ্ড দলটোৰ সৰহসংখ্যক ক্রিকেটাৰে ভাৰতীয় উপ-মহাদেশৰ টেঙা খাদ্য ভাল নাপায়৷ পাকিস্তান ভ্রমণৰ সময়ত দলটোৰ কেইবাগৰাকীও সদস্য পেটৰ সমস্যাত ভুগিছিল৷ গতিকে ভাৰতৰ বিৰুদ্ধে গুৰুত্বপূর্ণ টেষ্ট শৃংখলাত ভাগ লোৱাৰ পূর্বে সতর্ক হৈছে ইংৰাজ বাহিনী৷ তেওঁলোকে ভাৰতীয় হোটেলৰ খাদ্যক বিশ্বাস কৰিব বিচৰা নাই৷ ইংলেণ্ডৰ দ্য টেলিগ্রাফ কাকতখনে তেওঁলোকৰ প্রতিবেদনত লিখিছে– ইংলেণ্ডে ভাৰত ভ্রমণৰ বাবে দলটোৰ সৈতে এজন ৰান্ধনীও লগত নিব৷ সাত সপ্তাহৰ এই ভ্রমণত ক্রিকেটাৰসকল যাতে বেমাৰত নপৰে, তাৰ বাবে ৰান্ধনীগৰাকীক নিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ দুয়ো দেশৰ মাজৰ প্রথমখন টেষ্ট ২৫ জানুৱাৰীৰ পৰা হায়দৰাবাদত অনুষ্ঠিত হ’ব৷ টেষ্টখনৰ পূর্বে ৰান্ধনীজনে ইংলেণ্ড দলত যোগদান কৰিব৷ তেওঁৰ দায়িত্ব হ’ব ক্রিকেটাৰসকলক পুষ্টিকৰ খাদ্য যোগান ধৰা৷ ইফালে, প্রথমখন টেষ্ট আৰম্ভ হোৱাৰ তিনি দিন পূর্বে ভাৰতত উপস্থিত হ’ব ষ্ট’কছ বাহিনী৷