নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থালা ইজ বেক : পুনৰ অধিনায়ক মহেন্দ্র সিং ধোনী

নিউজ ডেস্ক, ১১ এপ্রিল : পুনৰ স্ব–মহিমালৈ ঘূৰি আহিল থালা৷ চলিত আইপিএলৰ পৰৱর্তী মেচকেইখনত চেন্নাই ছুপাৰ কিংছক পুনৰ নেতৃত্ব দিব মহেন্দ্র সিং ধোনীয়ে৷ আজি কলকাতা নাইট ৰাইডার্ছৰ বিপক্ষে খেলিবলগীয়া মেচখনৰ পূর্বে চেন্নাই ছুপাৰ কিংছৰ মুখ্য প্রশিক্ষক ষ্টিফেন ফ্লেমিঙে কয় যে দলটোৰ স্থায়ী অধিনায়ক ৰুতুৰাজ গাইকোৱাড সম্প্রতি আঘাতপ্রাপ্ত৷ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলা মেচখনৰ সময়ছোৱাত গাইকোৱাডে কঁকালত আঘাত পাইছিল৷ এই আঘাতৰ বাবে গাইকোৱাডে পৰৱর্তী মেচকেইখনত অংশগ্রহণ কৰিব নোৱাৰিব৷ এয়া আমাৰ বাবে এক মোক্ষম আঘাত৷ গাইকোৱাডৰ অনুপস্থিতিত মহেন্দ্র সিং ধোনীয়ে চিএছকেক নেতৃত্ব দিব৷ ধোনীৰ নেতৃত্বত দলটোৱে উন্নত প্রদর্শন দাঙি ধৰিব পাৰিব বুলি আশা ব্যক্ত কৰে মুখ্য প্রশিক্ষক ফ্লেমিঙে৷ উল্লেখ্য যে চলিত আইপিএলত চেন্নাই ছুপাৰ কিংছে আশানুৰূপ প্রদর্শন দাঙি ধৰিব পৰা নাই৷ দলটোৱে এতিয়ালৈকে পাঁচখন মেচ খেলি এখনত জয় আৰু চাৰিখনত পৰাস্ত হৈ পইণ্ট তালিকাৰ নৱম স্থানত আছে৷

You might also like