অষ্টম গুৱাহাটী অ’পেন জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপ আৰম্ভ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ গুৱাহাটী টেনিছ এছ’চিয়েচনৰ উদ্যোগত নেহৰু ষ্টেডিয়ামৰ আৰ জি বৰুৱা কমপ্লেক্সত আৰম্ভ হৈছে অষ্টম গুৱাহাটী অ’পেন জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপ৷ ৰাজ্যখনৰ বিভিন্ন প্রান্তৰ ২২০গৰাকী প্রতিযোগীয়ে অংশগ্রহণ কৰা প্রতিযোগিতাখন ল’ৰা আৰু ছোৱালীৰ ১২, ১৪, ১৮ বছৰ অনূর্ধ্ব ছিংগলছ শাখা আৰু ল’ৰা–ছোৱালীৰ (উভয়) ১০ বছৰ অনূর্ধ্ব শাখাৰ লগতে ল’ৰা আৰু ছোৱালীৰ ১৮ বছৰ অনূর্ধ্বৰ ডাবলছ শাখাত খেলোৱা হ’ব৷ ২.২০ লাখ টকা প্রাইজমানী সম্বলিত প্রতিযোগিতাখন স্পনছ’ৰ কৰিছে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেড আৰু সহযোগী স্পনছ’ৰ হিচাপে আছে অইল ইণ্ডিয়া লিমিটেড, কেম্পা আৰু ক্রীড়া সামগ্রী নির্মাতা প্রতিষ্ঠান এইচইএডি৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্রতিযোগিতাখন উদ্বোধন কৰে ৰাষ্ট্রীয় পর্যায়ৰ প্রাক্তন টেনিছ খেলুৱৈ তথা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শর্মাই৷ প্রাক্তন ৰাষ্ট্রীয় টেনিছ চেম্পিয়ন ছুচান দাস চৌধুৰী আৰু ন্যায়াধীশ (অৱসৰপ্রাপ্ত) প্রহ্লাদৰায় গুলাবচান্দ আগৰৱালাই সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰে৷ উদ্বোধনী অনুষ্ঠানৰ সময়ত জিটিএৰ উপদেষ্টা প্রণয় বৰদলৈ আৰু অনির্বাণ দাসক সম্বর্ধনা জনোৱা হয়৷ ইপিনে, নীলাচল টেনিছ ফাউণ্ডেচনে জিটিএ টেনিছ একাডেমীলৈ আগবঢ়োৱা বল মেচিনটো ৰিণিকি ভূঞা শর্মা আৰু ছুচান দাস চৌধুৰীয়ে যৌথভাৱে উন্মোচন কৰি টেনিছৰ আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্রত জিটিএক প্রগতিশীল দৃষ্টিভংগীৰ বাবে প্রশংসা কৰে৷ ইপিনে, আয়োজক সমিতিৰ অধ্যক্ষ কল্যাণ কুমাৰ দাসে বিশিষ্ট অতিথিসকলক আদৰণি জনাই জিটিএৰ উদ্দেশ্য আৰু কার্যকলাপৰ ওপৰত আলোকপাত কৰে৷ আয়োজক সমিতিৰ সাংগঠনিক সম্পাদক ভাস্কৰ শর্মাই ধন্যবাদ জ্ঞাপন কৰি অংশগ্রহণকাৰী, পৃষ্ঠপোষক আৰু বিশিষ্ট ব্যক্তিসকলৰ প্রতি কৃতজ্ঞতা জ্ঞাপন কৰে৷