কোহলি -ৰোহিত নথকাটো ক্রিকেটৰে ক্ষতি
🔹 কোহলি -ৰোহিত নথকাটো ক্রিকেটৰে ক্ষতি
🔹 ভাৰতৰ বিৰুদ্ধে শৃংখলাৰ পূর্বে মন্তব্য ইংলেণ্ডৰ অলৰাউণ্ডাৰৰ
নিউজ ডেস্ক, ৯ জুন : ৰোহিত শর্মা আৰু বিৰাট কোহলি অবিহনে ইংলেণ্ড ভ্রমণলৈ গৈছে ভাৰত৷ যোৱা মাহত টেষ্ট ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰিছে এই দুয়োগৰাকী তাৰকাই৷ ইয়াৰ পিছতে শুভমন গিলে টেষ্ট দলৰ দায়িত্ব লাভ কৰিছে৷ কোহলি আৰু ৰোহিত নাথাকিলে ক্রিকেটৰে ক্ষতি হ’ব বুলি অনুভৱ কৰে ইংলেণ্ডৰ অলৰাউণ্ডাৰ ক্রিছ অ’কছে৷ তেওঁ নিজে এই দুই ক্রিকেটাৰৰ বিৰুদ্ধে যুঁজৰ পৰা বঞ্চিত হ’ব বুলি জনাইছে৷
উল্লেখ্য যে দীর্ঘদিনৰ পিছত ইংলেণ্ডৰ টেষ্ট দলত স্থান লাভ কৰিছে অ’কছে৷ ৪গৰাকী প্রধান পেচ বলাৰ নথকাত অ’কছৰ ওপৰত অতিৰিক্ত দায়িত্ব থাকিব৷ প্রথম টেষ্টৰ পূর্বে ৰোহিত আৰু কোহলি সম্পর্কত তেওঁ কয়– ‘টেষ্ট শৃংখলাত কঠিন প্রতিপক্ষৰ বিৰুদ্ধে খেলা সকলো সময়তে উপভোগ্য হৈ পৰে৷ বহু বছৰ ধৰি ৰোহিত আৰু কোহলিৰ বিৰুদ্ধে মোৰ যুঁজ চলিছিল৷ আমি বহু উত্তেজনাপূর্ণ মেচ খেলিছিলোঁ৷ এইবাৰ তেওঁলোক ইংলেণ্ড ভ্রমণত নাথাকিব৷ তেওঁলোক নথকাটো ক্রিকেটৰ বাবে বৃহৎ ক্ষতি৷’
উল্লেখ্য যে কেইবাখনো ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাত ভাৰতীয় দলৰ প্রধান শক্তি আছিল ৰোহিত আৰু কোহলি৷ ইংলেণ্ডৰ পেচ বলাৰসকলৰ বিৰুদ্ধে তেওঁলোকৰ যুঁজ হৈছিল৷ এই যুঁজৰ কথাই বুজাব বিচাৰিছে অ’কছে৷ অৱশ্যে ৰোহিত–কোহলিবিহীন ভাৰতক দুর্বল বুলি ক’ব বিচৰা নাই অ’কছে৷ তেওঁ পুনৰ কয়– ‘ভাৰতীয় ক্রিকেটৰ যথেষ্ট গভীৰতা আছে৷ নতুন নতুন ক্রিকেটাৰ আগবাঢ়ি আহিছে৷ তেওঁলোকৰ মান যথেষ্ট উন্নত৷ সেইবাবে মই ভাবোঁ- ৰোহিত আৰু কোহলিৰ অভাৱো পূৰণ হ’ব৷’
উল্লেখ্য যে ভাৰতৰ এইবাৰৰ শৃংখলা আন শৃংখলাতকৈ সুকীয়া হ’ব৷ অধিনায়ক শুভমন আৰু সহঃ অধিনায়ক ঋষভ পণ্টৰ নেতৃত্বত খেলিব ভাৰতীয় দলটোৱে৷ প্রশিক্ষক হিচাপে গৌতম গম্ভীৰৰো এয়া হ’ব প্রথম ইংলেণ্ড ভ্রমণ৷ বেটাৰ হিচাপে ইংলেণ্ডত গম্ভীৰৰ ৰেকর্ড বৰ ভাল নাছিল৷ সেইবাবে এইবাৰ তেওঁৰ এই ভ্রমণ প্রত্যাহ্বানমূলক হ’ব৷