২২ মে’ৰ পৰা অসম ক্ৰিকেট সন্থাৰ এচিএ মহিলা চেলেঞ্জাৰ ট্ৰফী
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ মে’ : অসম ক্ৰিকেট সন্থাই ৰাজ্যৰ শ্ৰেষ্ঠ মহিলা ক্ৰিকেট প্ৰতিভা প্ৰদৰ্শন হব পৰাকৈ অহা ২২ মে’ৰ পৰা ৫০ অভাৰৰ এ চি এ উইমেনছ চেলেঞ্জাৰ ট্ৰফী প্ৰতিযোগিতা আয়োজনৰ কথা ঘোষণা কৰিছে। ২৬ মে’লৈ হ’বলগীয়া প্ৰতিযোগিতাত দৈনিক দুখনকৈ খেল অনুষ্ঠিত হ’ব। খেলবোৰ বৰ্ষাপাৰাৰ এচিএ ষ্টেডিয়াম সংলগ্ন খেলপথাৰ আৰু উত্তৰ গুৱাহাটীৰ ফুলুংস্থিত এচিএ ক্ৰিকেট একাডেমী খেলপথাৰত হব। অংশগ্ৰহণকাৰী দল চাৰিটা হৈছে– ডিগাৰু বীৰাংগনাছ, কপিলী প্ৰিন্সেছ, বৰাক কুইন্স আৰু সোৱণশিৰি চেম্পছ। লীগ পৰ্যায়ৰ খেলৰ পিছত শীৰ্ষৰ দুটা দল ফাইনেললৈ আগবাঢ়িব। এচিএ ষ্টেডিয়ামৰ সংলগ্ন খেলপথাৰত ২৬ মে’ত ফাইনেল খেল অনুষ্ঠিত হব।
এই প্ৰতিযোগিতাই অসমত মহিলা ক্ৰিকেটৰ প্ৰসাৰ আৰু বিকাশৰ বাবে থকা এ চি এৰ অবিৰত দায়বদ্ধতাক প্ৰতিফলিত কৰিছে, যিয়ে উঠি অহা খেলুৱৈসকলক তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন আৰু মূল্যৱান প্ৰতিযোগিতামূলক অভিজ্ঞতা লাভৰ বাবে এক শক্তিশালী মঞ্চ প্ৰদান কৰিছে।অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।