নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ্যোতিষীয়ে বাছনি কৰে ভাৰতীয় ফুটবল দল

বিশেষ বাৰ্তা, ১২ ছেপ্টেম্বৰ : ভাৰতীয় প্রশিক্ষক ইগৰ ষ্টিমাছে ফুটবলাৰসকলৰ ব্যক্তিগত তথ্য যোগান ধৰে এগৰাকী জ্যোতিষীক৷ কোনখন মেচত কোনগৰাকী ফুটবলাৰৰ ভাগ্য সুপ্রসন্ন, সেই কথা জনাই দিয়ে জ্যোতিষীজনে৷ সেই অনুসৰি তেওঁলোককেই প্রথম একাদশত স্থান দিয়ে ষ্টিমাছে৷ এছিয়া কাপৰ যোগ্যতা অর্জন পর্বৰ আগতে ষ্টিমাছে বার্তা পঠিয়াইছিল এইজন জ্যোতিষী ভূপেশ শর্মালৈ৷ তেওঁৰ সৈতে ষ্টিমাছক সাক্ষাৎ কৰাই দিছিল ভাৰতীয় ফুটবল সংস্থাৰ কর্মকর্তাই৷ ৯ জুনত ষ্টিমাছে সেই জ্যোতিষীলৈ লিখিছিল– ‘১১ জুনৰ নিশা ৮.৩০ বজাত মেচ অনুষ্ঠিত হ’ব৷ সেই খেলাৰ বাবে ফুটবলাৰসকলৰ তালিকা পঠিয়ালোঁ৷ ইয়াত সকলো তথ্য আছে৷’ যিখন তালিকাৰ কথা ষ্টিমাছে কৈছে, সেইখন আচলতে ভাৰতৰ প্রথম একাদশ৷ আঘাতৰ বাবে সেই সময়ত দলটো বিপর্যস্ত হৈ পৰিছিল৷ আফগানিস্তানৰ বিপক্ষে সেই মেচখন যোগ্যতা অর্জনৰ বাবে জিকাটো জৰুৰী আছিল৷ ষ্টিমাছে বার্তা পঠিওৱাৰ এঘণ্টাৰ ভিতৰতে উত্তৰ দিছিল ভূপেশে৷ ১১ জুনত মেচ আৰম্ভ হোৱাৰ এঘণ্টা পূর্বে দল ঘোষণাৰ সময়ত দুজন খেলুৱৈক বাদ দিয়া হৈছিল৷ জ্যোতিষীৰ মতে, সেইদিনা তেওঁলোকৰ ভাগ্য সুপ্রসন্ন নাছিল বাবেই দলত স্থান দিয়া হোৱা নাছিল৷ অৱশ্যে এই ঘটনা ইয়াৰ পিছতো বহুবাৰ ঘটিছে৷ ষ্টিমাছে কেৱল দল নির্বাচনেই নহয়, জ্যোতিষীৰ পৰামর্শ অনুসৰি মেচৰ মাজত খেলুৱৈ পৰিৱর্তন কৰে বুলিও জানিব পৰা গৈছে৷ এজন ফুটবলাৰৰ সময় দিয়া থাকিলে তেওঁৰ সলনি কাক খেলোৱা হ’ব, সেই কথাও নির্ধাৰণ কৰে জ্যোতিষী ভূপেশ শর্মাই৷ ২০২২ চনত ষ্টিমাছক জ্যোতিষী ভূপেশৰ সৈতে চিনাকি কৰাই দিছিল সচিব কুশল দাসে৷ তেওঁ কয় যে বলীউডৰ বহুতৰ সৈতে কাম কৰে তেওঁ৷ জ্যোতিষীৰ জৰিয়তে ফুটবলাৰৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ পৰিকল্পনা আছিল তেওঁৰ৷ এই প্রসংগত ষ্টিমাছে কয় যে ভূপেশে দলৰ উন্নতি কৰিব বুলি তেওঁক কোৱা হৈছিল৷ তেওঁক এই বিষয়ে বিশ্বাস জন্মোৱা হৈছিল বুলিও ষ্টিমাছে কয়৷ আনহাতে, কুশলৰ মতে, দুমাহৰ বাবে ব্যৱহাৰ কৰা হৈছিল জ্যোতিষীগৰাকীক৷ ইয়াৰ বাবে ১২ৰ পৰা ১৫ লাখ টকা দিয়া হৈছিল ভূপেশক৷ ভাৰতে এছিয়া কাপলৈ যোগ্যতা অর্জন কৰাটো ডাঙৰ কথা বুলিও তেওঁ কয়৷

You might also like