নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় দলৰ মুখ্য প্রশিক্ষক : গৌতম গম্ভীৰৰ কাষ চাপিছে বিচিচিআই

বিশেষ বাৰ্তা, ১৯ মে’ : আইচিচি টি–২০ বিশ্বকাপৰ পিছতে কার্যকাল শেষ হ’ব টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক ৰাহুল দ্রাবিড়ৰ৷ ইতিমধ্যে বিচিচিআয়ে এই পদৰ বাবে বিজ্ঞাপন দিছে৷ টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষকৰ বাবে বহু ভাৰতীয় আৰু বিদেশী খেলুৱৈৰ নাম উচ্চাৰিত হৈ আছে যদিও এই পদৰ বাবে ভাৰতীয় দলটোৰ প্রাক্তন তাৰকাক লৈ গৌতম গম্ভীৰ বিচিচিআইৰ প্রথম পছন্দ৷ ভাৰতীয় দলটোৰ মুখ্য প্রশিক্ষক হ’বলৈ ইতিমধ্যে কলকাতা নাইট ৰাইডার্ছৰ প্রশিক্ষকগৰাকীলৈ প্রস্তাৱ আগবঢ়াইছে বিচিচিআয়ে৷ ভাৰতীয় দলটোৰ মুখ্য প্রশিক্ষক পদৰ বাবে আবেদনৰ অন্তিম তাৰিখ ২৭ মে’৷ অর্থাৎ আইপিএলৰ ফাইনেলৰ এদিন পিছত৷ গতিকে, ভাৰতীয় দলটোৰ মুখ্য প্রশিক্ষক পদটোৰ বাবে আইপিএল সমাপ্তি হোৱাৰ পিছত অধিক আলোচনা হোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে গৌতম গম্ভীৰৰ প্রশিক্ষণত আইপিএলৰ দলসমূহে উন্নত প্রদর্শন আগবঢ়াইছে৷ কলকাতা এৰি যোৱাৰ দুবছৰ ধৰি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ প্রশিক্ষক হৈ আছিল গম্ভীৰ৷ গম্ভীৰৰ দুবছৰীয়া কার্যকালত লক্ষ্ণৌৱে প্লে’অফলৈ যোগ্যতা অর্জন কৰাৰ লগতে এবাৰ ফাইনেলো খেলিছিল৷ এইবাৰ তেওঁ পুনৰ কলকাতালৈ ঘূৰি আহিছে আৰু চলিত আইপিএলত কলকাতাই প্লে’অফলৈ যোগ্যতা অর্জন কৰিছে৷ মন কৰিবলগীয়া যে ২০০৭ চনৰ টি–২০ বিশ্বকাপৰ বিজয়ী ভাৰতীয় দলটোৰ অন্যতম সদস্য গৌতম গম্ভীৰ ২০১১ চনৰ এদিনীয়া বিশ্বকাপৰ বিজয়ী ভাৰতীয় দলটোৰো সদস্য আছিল৷ ২০১১ চনৰ পৰা ২০১৭ চনলৈ আইপিএলত কলকাতাৰ অধিনায়কৰ দায়িত্বত আছিল গম্ভীৰ৷ এই সময়ছোৱাত ৫বাৰ প্লে’অফলৈ যোগ্যতা অর্জন কৰাৰ লগতে ২০১২ আৰু ২০১৪ চনত চেম্পিয়ন হৈছিল কলকাতা দল৷

You might also like