নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব’ৰ্ডৰ বার্ষিক চুক্তিত পদোন্নতি হ’ব ৩ ক্রিকেটাৰৰ

🔹 ৰোহিত–কোহলি–জাদেজাৰ গ্রেডক লৈ চিন্তিত বিচিচিআই

নিউজ ডেস্ক, ১৯ এপ্রিল : চলিত মাহৰ শেষৰ পিনে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে প্রকাশ কৰিব খেলুৱৈৰ বার্ষিক চুক্তি৷ সংবাদ প্রতিষ্ঠানৰ সূত্র অনুসৰি, তাৰকা স্পীনাৰ অক্ষৰ পেটেল আৰু কুলদীপ যাদৱৰ লগতে তাৰকা বেটাৰ শ্রেয়াছ আয়াৰৰ পদোন্নতি হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ অক্ষৰ পেটেল আৰু কুলদীপ যাদৱে গ্রেড ‘বি’ৰ পৰা গ্রেড ‘এ’ত স্থান লাভ কৰাৰ সম্ভাৱনা আছে৷ ইফালে, ঘৰুৱা ক্রিকেট খেলিবলৈ অনিচ্ছা প্রকাশ কৰাৰ বাবে যোৱা বছৰ ব’ৰ্ডৰ কেন্দ্রীয় চুক্তিৰ পৰা বাদ পৰা শ্রেয়াছ আয়াৰক পুনৰ ব’ৰ্ডৰ বার্ষিক চুক্তিলৈ ঘূৰাই অনাৰ চিন্তা–চর্চা কৰিছে বিচিচিআয়ে৷ চেম্পিয়নছ ট্রফীত দুর্দান্ত প্রদর্শন কৰাৰ সুবাদত শ্রেয়াছ আয়াৰেও গ্রেড ‘এ’ত স্থান লাভ কৰাৰ সম্ভাৱনা আছে৷ চলিত আইপিএলতো দুর্দান্ত ফর্মত আছে শ্রেয়াছ৷ অৱশ্যে কেন্দ্রীয় চুক্তি ঘোষণা কৰাৰ পূর্বে চিন্তিত হৈ পৰিছে বিচিচিআই৷ জানিব পৰা মতে, ৰোহিত শর্মা, বিৰাট কোহলি, ৰবীন্দ্র জাদেজা আৰু যশপ্রীত বুমৰাহক গ্রেড ‘এ’ প্লাছত স্থান দিয়াৰ চিন্তা–চর্চা কৰিছে ব’র্ডে৷ টি–২০ বিশ্বকাপ জয় কৰাৰ পিছত ৰোহিত–বিৰাট আৰু জাদেজাই ক্রিকেটৰ হ্রস্ব সংস্কৰণটোৰ পৰা অৱসৰ গ্রহণ কৰাৰ পিছত তেওঁলোকে মাত্র দুটা ফৰমেটতহে ভাৰতীয় দলক প্রতিনিধিত্ব কৰি আহিছে৷ গতিকে ৰোহিত, বিৰাট আৰু জাদেজাক গ্রেড ‘এ’ প্লাছত স্থান দিয়াক লৈ প্রশ্ন উত্থাপন হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷

You might also like