গম্ভীৰ–ৰোহিত–আগাৰকাৰৰে মাৰাথন বৈঠক ব’ৰ্ডৰ
🔹 নিউজিলেণ্ডৰ হাতত পৰাজয়ৰ পিছত ৬ ঘণ্টীয়া ৰুদ্ধদ্বাৰ বৈঠক
নিউজ ডেস্ক, ১০ নৱেম্বৰ : টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মা, মুখ্য প্রশিক্ষক গৌতম গম্ভীৰ আৰু মুখ্য নির্বাচক অজিত আগাৰকাৰৰ সৈতে এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয় বিচিচিআইৰ বিষয়ববীয়া৷ প্রায় ৬ ঘণ্টাজোৰা এই বৈঠকত নিউজিলেণ্ডৰ বিপক্ষে পৰাজয়ৰ কাৰণ আলোচনা কৰাৰ লগতে বিচিচিআয়ে ৩টা গুৰুত্বপূর্ণ বিষয়ত উত্তৰ বিচাৰিছে বুলি সূত্রই প্রকাশ কৰিছে৷ এক প্রতিবেদন অনুসৰি এই বৈঠকত মুম্বাই টেষ্টত যশপ্রীত বুমৰাহৰ জিৰণিৰ প্রসংগত প্রশ্ণ তুলিছে ব’র্ডে৷ শৃংখলাৰ প্রথম দুখন টেষ্টত ভাৰত পৰাস্ত হোৱাৰ পিছতো বুমৰাহক তৃতীয় টেষ্টৰ বাবে জিৰণি দিয়াত ব’ৰ্ডৰ বিষয়াসকল বিশেষ সুখী নহয় বুলি প্রকাশ পাইছে৷ বৈঠকত মুম্বাই টেষ্টৰ পিটচ সন্দর্ভতো প্রশ্ণ তোলা হৈছে৷ পুনেত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত স্পিন সহায়ক পিটচত ভাৰতীয় দলৰ ব্যর্থতা স্পষ্টকৈ প্রকাশ পাইছিল৷ এনে পৰিস্থিতিত মুম্বাই টেষ্টৰ প্রথম দিনাৰ পৰাই অধিক টার্ন লোৱা পিটচ কিয় বনোৱা হ’ল, এই সন্দর্ভত বিচিচিআইৰ বিষয়াসকলে ৰোহিত আৰু গম্ভীৰক প্রশ্ণ কৰা বুলি প্রতিবেদনত দাবী কৰা হৈছে৷ প্রতিবেদন অনুসৰি, এই বৈঠকত আলোচিত তৃতীয়টো গুৰুত্বপূর্ণ বিষয় আছিল প্রশিক্ষক হিচাপে গৌতম গম্ভীৰৰ শৈলী৷ প্রতিবেদন মতে, গম্ভীৰৰ শৈলীক লৈ ব’ৰ্ডৰ বিষয়াসকলে কোনো প্রশ্ণ উত্থাপন কৰা নাছিল যদিও তেওঁৰ পদ্ধতিৰ বিষয়ে আলোচনা কৰা হৈছিল৷ তদুপৰি এই বৈঠকত দল বাছনি সন্দর্ভত দল পৰিচালনাৰ একাংশ সদস্য আৰু মুখ্য প্রশিক্ষক গৌতম গম্ভীৰৰ মাজত মতানৈক্য আছে বুলি তথ্য পোহৰলৈ আহিছে৷ এই গুৰুত্বপূর্ণ দিশসমূহৰ ওপৰত বিচিচিআয়ে গম্ভীৰ, ৰোহিত আৰু আগাৰকাৰৰ পৰা উত্তৰ বিচৰাৰ লগতে অষ্ট্রেলিয়াৰ বিপক্ষে আগন্তুক শৃংখলাত দলক পুনৰ সঠিক পথত আগুৱাই নিয়াৰ বাবে তেওঁলোকে কি পৰিকল্পনা কৰিছে, সেই সন্দর্ভতো প্রশ্ণ কৰা হৈছে বুলি দাবী কৰা হৈছে প্রতিবেদনত৷ অৱশ্যে এই বিষয়ত এতিয়ালৈকে আনুষ্ঠানিক কোনো তথ্য পোহৰলৈ অহা নাই৷